অসম

assam

ETV Bharat / state

ধুবুৰীত জালনোটসহ দুজনক গ্ৰেপ্তাৰ - illegal cattle trafficking

ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰে গৰুৰ চোৰাং কাৰবাৰৰ সমান্তৰালকৈ চলিছে ভাৰতীয় জালনোটৰ সৰবৰাহ । ধুবুৰীত আৰক্ষী তথা বিএছএফৰ অভিযানত দুই লাখ টকাৰ জাল নোটসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী ।

dhuburi-police-arrests-two-guy-with-fake-currency
ধুবুৰীত জাল নোট সহ দুজনক গ্ৰেপ্তাৰ

By

Published : Jun 8, 2021, 8:53 AM IST

ধুবুৰী,8 জুন:ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰে বাংলাদেশলৈ পশুধনৰ চোৰাং সৰবৰাহ অব্যাহত আছে । ধুবুৰীৰ দক্ষিণ শালমাৰাৰ উন্মুক্ত সীমান্তৰে দীর্ঘদিনে চলি আহিছে পশুধনৰ চোৰাং সৰবৰাহ । ইয়াকে লৈ সীমান্তত গঢ়ি উঠিছে এক বৃহৎ আন্তঃৰাষ্ট্ৰীয় চোৰাং ছিণ্ডিকেট (international illegal syndicate) ।

ইফালে পশুধনৰ চোৰাং সৰবৰাহ (illegal cattle trafficking) ৰ সমানে সমানে বাংলাদেশৰ পৰা ভাৰতলৈ সৰবৰাহ কৰা হৈছে বাংলাদেশত প্ৰস্তুত কৰা ভাৰতীয় জালনোট (fake currency) । তেনে সময়তে সোমবাৰে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষী আৰু বিএছএফৰ যুটীয়া অভিযান চলিছিল ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ বিন্নাছাৰা অঞ্চলত ।

ধুবুৰীত জালনোট উদ্ধাৰ

অভিযানত দুজন যুৱকৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুই লাখ টকাৰ ভাৰতীয় জালনোট । ধৃত মুছলেম আলী ওৰফে মুছলেম উদ্দিন আৰু হুছেইন আলীয়ে উল্লেখ কৰা মতে ধৰ্মশালা অঞ্চলৰ গুদাৰু নামৰ এজন লোকে টকাৰ বিনিময়ত জালনোটখিনি গংগাধৰ নৈ পাৰ কৰিবলৈ দিছিল ।

উল্লেখ্য যে, ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত ভাৰতীয় জালনোট সৰবৰাহৰ বৃহৎ চক্ৰৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । এই সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি জনাইছে জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজিৰাণী শৰ্মাই । অধিক তথ্য উদ্ধাৰৰ বাবে দুই যুৱকৰ জেৰা অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে । আৰক্ষীয়ে পৰৱৰ্তী সময়ত এই চক্ৰক নিয়ন্ত্ৰণত কেনেধৰণে সফলতা লাভ কৰে সেয়া লক্ষণীয় হ’ব ।

ধুবুৰীত জাল নোট সহ দুজনক গ্ৰেপ্তাৰ

লগতে পঢ়ক :অৰুণাচলত দুষ্প্ৰাপ্য ককলাছ ফিজেন্ট পক্ষীৰ সন্ধান লাভ

ABOUT THE AUTHOR

...view details