ধুবুৰী,14 জানুৱাৰী: বাৰেৰহনীয়া সাংস্কৃতিক অনু্ষ্ঠানৰ মাজেৰে ধুবুৰীত উদযাপন কৰা হ’ল ভোগালীৰ উৰুকা ৷ ধুবুৰীৰ ৰাজীৱ গান্ধী শিশু উদ্যানত ৰুদ্ৰাক্ষ ইভেণ্টৰ উদ্যোগত আয়োজন কৰা হয় এই সাংস্কৃতিক অনুষ্ঠান ৷ ৰুদ্ৰাক্ষ ইভেণ্ট নামৰ সাংস্কৃতিক আৰু সামাজিক সন্থাটোৰ উৰুকাৰ নিশাই আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয় ৷ এই অনুষ্ঠানত বিহু নৃত্য-গীত পৰিৱেশন কৰাৰ লগতে পৰম্পৰাগত সাজ-পৰা পৰিধান কৰি ৰেম্পত খোজ কাঢ়ে কণ-কণ শিশুসকলে ৷ নতুনকৈ জন্ম লাভ কৰা ৰুদ্ৰাক্ষ সংস্থাটোৱে আগন্তক দিনত জিলাখনৰ সামাজিক আৰু সাংস্কৃতিক দিশত বহু কাম কৰিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হয় ৷
বাৰেৰহনীয়া সাংস্কৃতিক অনু্ষ্ঠানৰ মাজেৰে ধুবুৰীত উদযাপন উৰুকা - dhubri uruka
বাৰেৰহনীয়া সাংস্কৃতিক অনু্ষ্ঠানৰ মাজেৰে ধুবুৰীত উদযাপন কৰা হ’ল ভোগালীৰ উৰুকা ৷ ৰুদ্ৰাক্ষ ইভেণ্ট নামৰ সাংস্কৃতিক আৰু সামাজিক সন্থাটো উৰুকাৰ নিশা আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয় ৷
বাৰেৰহনীয়া সাংস্কৃতিক অনু্ষ্ঠানৰ মাজেৰে ধুবুৰীত উদযাপন উৰুকা