ধুবুৰী, 14 মাৰ্চঃ জটিল ৰোগত আক্ৰান্ত ধুবুৰীৰ ফকিৰগঞ্জ অঞ্চলৰ এগৰাকী দুখীয়া মেধাৱী ছাত্ৰী । দক্ষিণ শালমাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ফকিৰগঞ্জৰ ছটোকলিয়া দ্বিতীয় খণ্ড গাঁৱৰ প্ৰয়াত জয়ানউদ্দিনৰ কন্যা তথা অন্বেষা শিক্ষা নিকেতনৰ নৱম শ্ৰেণীৰ মেধাৱী ছাত্ৰী জোস্না খাতুন কিছুদিনৰ পৰা আক্ৰান্ত হৈ আছে এক জটিল ৰোগত ।
চিকিৎসকৰ মতে, যকৃতত পানী জমা হৈছে ছাত্ৰীগৰাকীৰ । চিকিৎসকে পৰামৰ্শ গ্ৰহণৰ পিছত শীঘ্ৰে অস্ত্ৰোপচাৰ কৰিব লাগিব বুলি কোৱাত সম্প্ৰতি চিন্তিত হৈ পৰিছে পৰিয়ালটো । বিগত কিছুদিন পূৰ্বে পিতৃক হেৰুওৱা ছাত্ৰীগৰাকীৰ চিকিৎসা কৰিবলৈ পৰিয়ালৰ হাতত নাই টকা-পইচা, নাই কোনো উপায় । ফলত দুৰ্ভগীয়া ছাত্ৰী তথা পৰিয়ালটোৱে উপায়হীন হৈ ৰাইজৰ সহায় বিচাৰিছে ।