অসম

assam

ETV Bharat / state

নিবনুৱাক সংস্থাপন দিয়াৰ নামত ধুবুৰীত লাখ লাখ টকা লুণ্ঠন ভুৱা কোম্পানীৰ - fround

ইপিনে চাকৰিৰ টকা জমা দিয়াৰ কিমান মাহ পিছতো চাকৰি নোপোৱাৰ ফলত ভূক্তভোগী সকলে কোম্পানীটোৰ পৰা আদায় দিয়া টকাখিনি উভতাই বিচাৰে । কিন্তু  OBEY ৰ ত্ৰিমূৰ্তিয়ে টকা উভতাই বিচৰা সকলক ভাবুকি প্ৰদান কৰা বুলি অভিযোগ কৰে ভূক্তভোগী সকলে ।

লুণ্ঠন ভুৱা কোম্পানীৰ

By

Published : Aug 5, 2019, 9:48 PM IST


ধুবুৰী, 5 আগষ্টঃ সাৰদা, ৰোজ ভেলী আৰু জীৱন সুৰক্ষা কোম্পানীৰ পিছত এইবাৰ ক'ব ওলাইছো ধুবুৰীৰ OBEY নামৰ এটা কোম্পানীটোৰ বিষয়ে। নলবাৰীৰ দ্বিজেন ঠাকুৰীয়া, পত্নী ৰবিতা হাছান আৰু কলকাতাৰ দ্রুৱজ্যোতি দাসে মিলি OBEY নামৰ এটা ব্যক্তিগত কোম্পানীৰ জৰিয়তে নিবনুৱাক লুণ্ঠনৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ একাংশ ৰাইজৰ। সাৰদা, ৰ'জ ভেলী আৰু জীৱন সুৰক্ষা কোম্পানীয়ে বিগত বছৰ সমূহত হাজাৰ হাজাৰ নিবনুৱা আৰু দৰিদ্ৰ পৰিয়ালৰ পৰা কোটি কোটি টকা লুটি নিয়াৰ পিছত এইবাৰ চাকৰি দিয়াৰ নামত OBEY নামৰ কোম্পানীটোৰ স্বত্বাধিকাৰীয়ে বিভিন্ন বিভাগত চাকৰি দিয়াৰ প্ৰলোভনেৰে নিবনুৱাক লুন্ঠন চলাই ৷

লুণ্ঠন ভুৱা কোম্পানীৰ

ইপিনে চাকৰিৰ টকা জমা দিয়াৰ কিমান মাহ পিছতো চাকৰি নোপোৱাৰ ফলত ভূক্তভোগী সকলে কোম্পানীটোৰ পৰা আদায় দিয়া টকাখিনি উভতাই বিচাৰে । কিন্তু OBEY ৰ ত্ৰিমূৰ্তিয়ে টকা উভতাই বিচৰা সকলক ভাবুকি প্ৰদান কৰা বুলি অভিযোগ কৰে ভূক্তভোগী সকলে । এনে সময়তে এই সকল ভূক্তভোগী নিবনুৱাই সোমবাৰে ধুবুৰী জিলা আৰক্ষী অধীক্ষকক এখন লিখিত এজাহাৰ দাখিল কৰাৰ পিছত ধুবুৰী আৰক্ষীয়ে ভুৱা কোম্পানীটোৰ কাৰ্য্যালয়ত অভিযান চলায়।

ABOUT THE AUTHOR

...view details