ধুবুৰী, 16 ডিচেম্বৰ : ধুবুৰী জিলা সত্ৰ ন্যায়াধীশৰ আদালতত নাই এতিয়া ১০,২০, ৫০ অথবা ১০০ টকীয়া দলিল । কিন্তু বৈধ ভাবে আপুনি এই দলিল সমূহ নাপালেও ক'লা বজাৰত উভৈনদী এনে দলিল । অবৈধভাৱে ক'লা বজাৰত ইয়াৰ মূল্য চাৰি পাঁচ গুণ বেছি ।
আনপিনে ধুবুৰীৰ বাবে যোগান পোৱা দলিল অন্য জিলাৰ ক’লা বজাৰলৈ যোৱাৰ বিপৰীতে কামৰূপ, তিনিচুকীয়া, কোকৰাঝাৰ আদি অন্য জিলাৰ দলিল ধুবুৰীৰ ক'লা বজাৰত বিক্ৰী কৰা হোৱাৰ অভিযোগ উত্থাপন হৈছে। ধুবুৰী কোষাগাৰ আৰু জিলা উপায়ুক্তৰ ৰহস্যজনক ভূমিকাৰ বাবেই দলিলৰ নাটনি দেখুৱাই একাংশ ভেণ্ডাৰৰ লগত মিলি এটা দালাল চক্ৰই ২০ টকাৰ পৰা ১০০ টকীয়া দলিল বিক্ৰী কৰিছে ক'লা বজাৰত । যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে সাধাৰণ জনতাই ৷