অসম

assam

ETV Bharat / state

নতুন SOPক লৈ অসন্তুষ্ট ধুবুৰী জিলা মটৰ পৰিবহন সন্থা

মঙলবাৰে জাৰি কৰা হ’ল নতুন ক'ভিড SOP ৷ নতুন SOP অনুসৰি আন্তঃজিলাৰ যাতায়তৰ ক্ষেত্ৰত কিছু শিথিলতা প্ৰদান কৰা হৈছে ৷ কিন্তু এতিয়াও সম্পূৰ্ণ খুলি দিয়া নাই আন্তঃজিলা যাত্ৰীবাহী বাছৰ চলাচল ৷ যাক লৈ এতিয়া অসন্তুষ্টি প্ৰকাশ কৰিছে ধুবুৰী জিলা মটৰ পৰিবহন সন্থাই ৷

Motor Transport Association
নতুন SOPক লৈ অসন্তুষ্ট ধুবুৰী জিলা মটৰ পৰিবহন সন্থা

By

Published : Aug 17, 2021, 10:29 PM IST

ধুবুৰী, 17 আগষ্ট :নতুন SOPক লৈ অসন্তুষ্ট ধুবুৰী জিলাৰ মটৰ পৰিবহন মালিক সন্থা । আন্তঃজিলাৰ বাছ চলাচলৰ দাবীত মঙলবাৰে ধুবুৰী জিলা মটৰ পৰিবহন মালিক সন্থাই ধুবুৰী বাছ আস্থানৰ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰে । চৰকাৰক দাবী পূৰণ কৰিবলৈ ১৯ আগষ্ট লৈকে চৰকাৰক সময়সীমা বান্ধি দিয়ে মটৰ পৰিবহন মালিক সন্থাই ।

উল্লেখ্য যে, ক'ভিড পৰিস্থিতিয়ে বাৰুকৈয়ে সৰিয়হৰ ফুল দেখুৱাইছে যাত্ৰবাহী বাছৰ মালিক আৰু কৰ্মচাৰী সকলক । যোৱা মাহ কেইটাত উপাৰ্জনৰ পথ বন্ধ হৈ থকাত এতিয়া আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে বাছৰ মালিক আৰু কৰ্মচাৰীসকল ৷ ফলত এতিয়া পৰিয়াল পোহপাল দি'বলৈ হাহাকাৰ কৰিবলগীয়া হৈছে মালিক আৰু কৰ্মচাৰী সকলকে ৷ ইফালে, সংকটৰ সময়তো চৰকাৰক আদায় দিব লগা হৈছে নিয়মিত কৰ ।

নতুন SOPক লৈ অসন্তুষ্ট ধুবুৰী জিলা মটৰ পৰিবহন সন্থা

লগতে পঢ়ক:নিৰাপত্তাহীনতাত আফগানিস্তানৰ মহিলাসকল

চৰকাৰে ঘোষণা কৰা নতুন ক'ভিড বিধি অনুসৰি কিছু শিথিলতা প্ৰদান কৰি খুলি দিয়া হৈছে আন্তঃজিলাৰ যাতায়ত । কিন্তু নতুন SOP অনুসৰি দোকান-পোহাৰ, বজাৰ-ঘাট আদি বহু ক্ষেত্ৰত ৰেহাই দিয়াৰ লগতে আন্তঃজিলা যাতায়ত খুলি দিয়া হৈছে যদিও যাত্ৰীবাহী বাছ চলাচলৰ ক্ষেত্ৰত ৰেহাই দিয়া নাই চৰকাৰে ।

যাত্ৰীবাহী বাছসমূহ পূৰ্বৰ নীতি অনুসৰি জিলাৰ ভিতৰতেই চলাচল কৰিব লাগিব বুলি উল্লেখ কৰা হৈছে নতুন SOPত । ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ মটৰ পৰিবহন মালিক সন্থা । ধুবুৰী জিলা মটৰ পৰিবহন মালিক সন্থাই সংবাদমেলৰ জৰিয়তে চৰকাৰক ১৯ আগষ্টলৈকে সময়সীমা বান্ধি দি যাত্ৰীবাহী বাছৰ চলাচলৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ দাবী জনাইছে ।

লগত পঢ়ক:বাক্সাত ১৭ খন বিছনাযুক্ত আইচিইউ ইউনিট মুকলি প্ৰমোদ বড়োৰ

অন্যথা ২০ আগষ্টৰ পৰা অনিৰ্দিষ্টকালীন বাছ চলাচল বন্ধ ৰখাৰ হুংকাৰ প্ৰদান কৰিছে ধুবুৰী জিলা মটৰ পৰিবহন মালিক সন্থাই । লগতে জিলা মটৰ পৰিবহন মালিক সন্থাৰ সভাপতি, সম্পাদক আৰু যুটীয়া সম্পাদকে ক্ষোভ প্ৰকাশ কৰি কয়, ক'ভিড সংকটৰ বাবে পশ্চিমবংগ চৰকাৰে মটৰ পৰিবহনৰ সকলো কৰ ৰেহাই দিছে ৷

কিন্তু এই সংকটৰ সময়ছোৱাত অসম চৰকাৰে কৰ ৰেহাই কিয় দিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে ধুবুৰী জিলা মটৰ পৰিবহন মালিক সন্থা বিষয়ববীয়া সকলে । আনহাতে, যাত্ৰী সকলক আন্তঃজিলা যাতায়ত কৰিবলৈ অনুমতি প্ৰদান কৰাৰ বিপৰীতে কেৱল বাছৰ ক্ষেত্ৰত কঠোৰ নীতি অৱলম্বন কৰা হৈছে কিয় ? এনে ক্ষেত্ৰত কেৱল বাছসমূহে ক'ৰণাক অনা নিয়া কৰে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰে মটৰ পৰিবহন মালিক সন্থা বিষয়ববীয়া সকলে ।

ইফালে সংবাদমেলত অভিযোগ উত্থাপন কৰি কয়, ক'ভিডৰ এই সময়ছোৱাত যাত্ৰীবাহী বাছৰ মালিক-কৰ্মচাৰী সকলৰ সকাহ দিব পৰাকৈ এতিয়ালৈকে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ গতিকে অতি সোনকালে আন্তঃজিলা যাত্ৰীবাহী বাছ চলাচল খুলি দিবলৈ দাবী জনাইছে ধুবুৰী জিলা মটৰ পৰিবহন মালিক সন্থাই ৷

লগতে পঢ়ক:বৰমা মহাবিদ্যালয়লৈ গ্ৰীণ চেম্পিয়ন বঁটা

ABOUT THE AUTHOR

...view details