পূৱ-বিলাসীপাৰা, 18 আগষ্ট: ধুবুৰীত পুনৰ সক্ৰিয় হৈ উঠিছে নাৰী দেহ ব্যৱসায়ী চক্ৰ ৷ জিলাখনৰ পূৱ বিলাসীপাৰাৰ চাপৰ থানাৰ অন্তৰ্গত ৰঙামাটিৰ মাজেৰগাওত দেওঁবাৰে স্থানীয় লোকে আটক কৰে নাৰী দেহ ব্যৱসায়ীত জড়িত এজন লোকক ৷ ঘটনা অনুসৰি মাজেৰ গাঁৱৰ মালেকা খাতুন নামৰ এগৰাকী মহিলাক ৫০ হাজাৰ টকাত ক্ৰয় কৰিবৰ বাবে গাঁৱখনত উপস্থিত হৈছিল আঠ জনীয়া এটা দল ৷
চাপৰত ৰাইজৰ হাতত আটক নাৰী দেহ ব্যৱসায়ী
মহিলা ক্ৰয় কৰিবলৈ আহি ৰাইজৰ ওচৰত হাতে লোটে ধৰা পৰিল এটা 8 জনীয়া দল ৷ পলায়নৰ চেষ্টা কৰোতেই ৰাইজে ধৰি বান্ধি আবদ্ধ কৰিলে এজনক ৷
চাপৰত ৰাইজৰ হাতত আটক নাৰী দেহ ব্যৱসায়ী
স্থানীয় ছকিনা বিবি নামৰ মহিলা এগৰাকীৰ ছত্ৰছাঁয়াত উক্ত মহিলা গৰাকীক বিভিন্ন ধৰণে প্ৰলোভিত কৰা হৈছিল চক্ৰটোৰ দ্বাৰা । পিছত ৰাইজৰ সন্দেহ জন্মাত তেওঁলোকে আশ্ৰয় লৈ থকা বাসগৃহটোত অভিযান চলাই আবু ছায়েদ নামৰ এজনক আটক কৰি উত্তম মাধ্যম শোধাই চাপৰ আৰক্ষীক গতাই দিয়ে ৷ কিন্তু ঘটনাৰে জড়িত মহিলা গৰাকীসহ আন সাতজন সদস্যই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷