অসম

assam

ETV Bharat / state

Guinness record for Bihu: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে ধুবুৰীতো চলিছে বাচনি প্ৰক্ৰিয়া - Guinness record for Bihu

এইবাৰ বিহুত অসমে এঘাৰ হাজাৰ নাচনী-ঢুলীয়া সহিতে গঢ়িবলৈ ওলাইছে এক অনন্য বিশ্ব অভিলেখ (Assam about to set world record for Bihu) ৷ ৰাজ্যৰ প্ৰতিখন জিলাতে এই অভিলেখকলৈ সাংঘাতিক ব্যস্ততা ৷ সমান্তৰালকৈ ধুবুৰীতো চলিছে দ্বিতীয় পৰ্যায়ৰ বাচনি প্ৰক্ৰিয়া ৷

Guinness Book of World records
বিহুৰ আখৰা

By

Published : Mar 21, 2023, 12:59 PM IST

বিহুৰ আখৰা

ধুবুৰী, 21 মাৰ্চ :এইবাৰৰ বহাগ বিহু প্ৰতিজন অসমীয়াৰে বাবে কিছু বিশেষ ৷ এঘাৰ হাজাৰ নাচনী-ঢুলীয়া-পেপোৱা-তালোৱাৰ সৈতে বিহু নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ আগবাঢ়িছে অসম (Guinness Book of World records Assam Bihu) ৷ এই লৈ সাংঘাতিক ব্যস্ততা ৰাজ্যৰ প্ৰতিখন জিলাতে ৷ প্ৰতিখন জিলাতে আৰম্ভ হৈছে বিহুৰ আখৰা ৷ জোৰদাৰ গতিত চলিছে বাচনি প্ৰক্ৰিয়া ৷

শেহতীয়াকৈ ধুবুৰীত চলিছে দ্বিতীয় পৰ্যায়ৰ বাচনি প্ৰক্ৰিয়া ৷ ঢোল পেঁপা আৰু গগনাৰ মাতত মুখৰিত হৈ পৰিছে ধুবুৰীৰ চৌদিশ । জিলাখনত চলি আছে বিহু আখৰা তথা কৰ্মশালা । মাজত মাথোঁ কেইটামান দিন বাকী । অহা ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বিশ্ব অভিলেখ গঢ়িবলৈ সাজু হৈছে অসমৰ বিহু শিল্পীসকল ।

বাচনি প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ পিছতে ধুবুৰীত ২৭ মাৰ্চৰ পৰা ২ এপ্ৰিল লৈকে বিহুৰ আখৰা চলিব (Dhubri bihu dance workshop) । ধুবুৰী জিলা পৰিষদ চৌহদত আৰম্ভ হোৱা এই বিহু কৰ্মশালাত ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলৰ পৰা বহুকেইটা বিহু হুঁচৰি দলৰ প্ৰায় শতাধিক বিহুৱতী আৰু ঢুলীয়া নাচনীয়ে অংশগ্ৰহণ কৰিছে ।

ধুবুৰীৰ ভিন্ন প্ৰান্তৰ পৰা ঢুলীয়া, পেঁপা বাদক আৰু নাচনীৰ মাজৰ পৰা মুঠ ৫০ গৰাকীক বাচনি কৰা হ’ব আৰু ইয়াত ৩৫ গৰাকী নাচনী থাকিব বুলি জানিব পৰা গৈছে । দুগৰাকী বিশিষ্ট বিহুৱতী আৰু দুগৰাকী বিহুৱানকে ধৰি চাৰিগৰাকী প্ৰশিক্ষক-প্ৰশিক্ষাৰ্থীয়ে সোমবাৰৰ পৰা অহা দুই এপ্ৰিললৈকে প্রশিক্ষণ দিব বুলি জানিব পৰা গৈছে ।

অসমৰ জাতীয় উৎসৱ বিহু গ্ৰীনিজ বুকত অন্তৰ্ভুক্ত হোৱা আৰু বিশ্ব অভিলেখ গঢ়াৰ বিষয়টো প্ৰতিগৰাকী অসমবাসীৰ বাবে অতিকৈ গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থী সকলে (Bihu dance guinnes book of world record ) । আনহাতে সৰুসজাই ষ্টেডিয়ামত বিহু নাচি গ্ৰীনিজ বুকত অসমৰ বিহু অন্তৰ্ভুক্ত কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সুযোগ লাভ কৰা বিহুৱান বিহুৱতী সকলেও নিজকে লৈ গৌৰৱাম্বিত বুলি চৰকাৰখনে অনুভৱ কৰিছে (Guinness Book of World records)। মুঠৰ ওপৰত বিহুলৈ মাজত কেইটামান দিন বাকী থকাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীও ঢোল পেঁপা আৰু গগনাৰ শব্দত মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :Guinness Book of World records: বিশ্ব অভিলেখৰ বাবে সাজু নলবাৰীৰ ঢুলীয়া-নাচনি

ABOUT THE AUTHOR

...view details