ধেমাজি,১৪ মে' : বিকশিত অসম আৰু পৰিৱৰ্তনৰ শ্ল'গানে স্পৰ্শ কৰিব পৰা নাই ধেমাজি বৰদলনি উন্নয়ন খণ্ডৰ অন্তৰ্গত ভেবেলী গাওঁ পঞ্চায়তক । কাৰণ দীৰ্ঘদিন ধৰি পথৰ দুৰৱস্থাৰ বাবে জীয়াতু ভুগি আহিছে পঞ্চায়তটোৰ ১০ নং ৱাৰ্ডৰ গেজিং মাজগাওঁবাসীয়ে । বাৰিষা অবিহনেই একাঠু বোকা-পানীৰে যাতায়ত কৰিব লাগে অঞ্চলবাসীয়ে ।
পথ নহয় যেন হালবোৱা পথাৰহে !
ধেমাজিৰ ভেবেলী গাঁও পঞ্চায়তত পথৰ দুৰৱস্থা ! একাঠু বোকা-পানীৰে যাতায়ত কৰিব লাগে অঞ্চলবাসীয়ে ।
পথ নহয় যেন হালবোৱা পথাৰহে !
ফলত অতি কদৰ্যময় হৈ পৰা পথটোৰে কন কন শিক্ষাৰ্থীসকলে বিদ্যালয়লৈ অহা যোৱা কৰাত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজৰ অভিযোগ মতে কোনো এখন চৰকাৰে এই পৰ্যন্ত গুৰুত্ব প্ৰদান কৰা নাই পথটো নিৰ্মাণৰ ক্ষেত্ৰত ।