ধুবুৰী, 24 নৱেম্বৰঃ জাতিধ্বংসী বিধেয়ক চমুকৈ কেবৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদে । বিভিন্ন দিশ সামৰি জনগোষ্ঠীয় লোক সকলৰ মাজত সজাগতা অনাৰ বাবে গাঁৱে-গাঁৱে সভা অনুষ্ঠিত কৰিছে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদে । এই সভাত চৰকাৰৰ বিৰুদ্ধে বহু গুৰুত্বপূৰ্ণ মন্তব্য কৰে সংগঠনটোৰ সভাপতি এনামূল হকে ৷
ভূমিপুত্ৰক নথি-পত্ৰৰ নামত চৰকাৰে কৰিব নোৱাৰিব হাৰাশাস্তি !! - ধুবুৰী
NRC ৰ ভিত্তিবৰ্ষ 1951 চনেই হওঁক অথবা 1971 চনেই হওঁক আমাৰ কোনো ক'বলগীয়া নাই ৷ কিন্তু আমাৰ প্ৰাপ্য সা-সুবিধা লাগিবই, এই মন্তব্য সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদৰ সভাপতি এনামূল হকৰ ৷
অসমৰ লগতে সমগ্ৰ দেশতেই পুণৰ নতুনকৈ এন আৰ চি হোৱাৰ কথা কেন্দ্ৰীয় বিত্তমন্ত্ৰী আৰু অসমৰ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই প্ৰতিবাদত জ্বলিছে সমগ্ৰ ৰাজ্য । এনে সময়তে কেবৰ সম্পূৰ্ণ বিৰোধিতা কৰিছে সদৌ দেশী জনগোষ্ঠীয় জাতীয় সংসদেও । সদ্য প্ৰকাশিত এন আৰ চিত বহু দেশী জনগোষ্ঠীয় লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই বুলি অভিযোগ উত্থাপন কৰি বিনাচৰ্তে সেই সকল লোকৰ নাম অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে জনগোষ্ঠীয় সংসদে ।
ইপিনে NRC ৰ ভিত্তি বৰ্ষ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জনগোষ্ঠীয় সংসদৰ সভাপতি এ এ এম এনামূল হকে কয় যে, ভিত্তিবৰ্ষ 1951 চনেই হওঁক অথবা 71 চনেই হওঁক তাত কোনো আপত্তি নাই । কিন্তু খিলঞ্জীয়া জনগোষ্ঠীয় ভূমিপুত্ৰ সকলক চৰকাৰে সকলো প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব । তাৰোপৰি ভূমিপুত্ৰ সকলৰ কোনো নথি পত্ৰ চোৱাচিতা কৰাৰ নামত চৰকাৰে হাৰাশাস্তি কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিয়ে সংগঠনটোৱে । লগতে নথি পত্ৰ পৰীক্ষা নকৰাকৈ খিলঞ্জীয়া লোক সকলক এন আৰ চিত অন্তৰ্ভুক্ত কৰিব লাগে বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ।