অসম

assam

ETV Bharat / state

কেনে আছে ধুবুৰীৰ প্ৰখ্যাত আশাৰীকান্দি কুটিৰ শিল্প গাঁও - Terakat gaon from Dhuburi

ৰাজ্যৰ আন সমুহ ঠাইৰ দৰেই একেই পৰিৱেশে বিৰাজ কৰিছে প্ৰখ্যাত ধুবুৰীৰ আশাৰীকান্দি টেৰাকটা শিল্প গাঁৱত ৷ জনশূন্য হৈ পৰিছে সদাব্যস্ত ৰাজপথটো ৷ গৃহবন্দী গাঁওখনৰ প্ৰতিটো পৰিয়াল ৷

Current Situation of Terakat gaon of Dhuburi
কেনে আছে ধুবুৰীৰ প্ৰখ্যাত আশাৰীকান্দি কুটিৰ শিল্প গাঁও

By

Published : Apr 27, 2020, 8:51 PM IST

Updated : Apr 27, 2020, 8:59 PM IST

ধুবুৰী, 27 এপ্ৰিল: মহামাৰী কৰ'ণা ভাইৰাছক প্ৰতিৰোধ কৰাৰ বাবে 24 মাৰ্চৰ পৰা দেশজুৰি বলবৎ হৈ আছে লক ডাউন ৷ লক ডাউনৰ ফলত স্তব্ধ হৈ পৰিছে বিশ্ববাসীৰ স্বাভাৱিক জনজীৱন ৷ কৰ'ণাৰ আতংকত ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকি কৰণাৰ বিৰুদ্ধে যুঁজ দিছে দেশ তথা ৰাজ্যবাসীয়ে ৷ এই অভাৱনীয় পৰিস্থিতিত বন্ধ হৈ পৰিছে সকলো ব্যৱসায় বাণিজ্য ৷ এই আতংময় পৰিৱেশত বাহাল থকা লক ডাউনৰ প্ৰভাৱ পৰিছে ধুবুৰীৰ প্ৰখ্যাত আশাৰীকান্দি টেৰাকটা শিল্প গাঁৱটো ৷

কেনে আছে ধুবুৰীৰ প্ৰখ্যাত আশাৰীকান্দি কুটিৰ শিল্প গাঁও

ৰাজ্যৰ আন সমুহ ঠাইৰ দৰেই একেই পৰিৱেশে বিৰাজ কৰিছে প্ৰখ্যাত ধুবুৰীৰআশাৰীকান্দি টেৰাকটা শিল্প গাঁৱত ৷ জনশূন্য হৈ পৰিছে সদাব্যস্ত ৰাজপথটো ৷ গৃহবন্দী গাঁওখনৰ প্ৰতিটো পৰিয়াল ৷ গাঁওখনত পূৰ্বৰ দৰে নাই জনসমাগম তথা ব্যৱসায়িক ব্যস্ততা ৷ লক ডাউনৰ ফলত একপ্ৰকাৰ বিপদত পৰিছে গাঁওখনৰ প্ৰায় ডেৰ শতাধিক শিল্পী পৰিয়াল ৷ সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে গাঁওখনত নিৰ্মিত বিভিন্ন শিল্পজাত সামগ্ৰীৰ ব্যৱসায় ৷ দৰাচলতে আশাৰীকান্দি কুটিৰ শিল্প গাঁৱৰ পৰা মাটিৰে নিৰ্মিত বিভিন্ন শিল্পজাত সামগ্ৰী ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় ৷ লগতে গাঁওখনত নিৰ্মিত সামগ্ৰী ক্ৰয় কৰাৰ লগতে চাবলৈ গাঁও খনলৈ আগমণ ঘটে বহু দেশী বিদেশী পৰ্যটকৰ ৷ কিন্তু লক ডাউনৰ বাবে বন্ধ পৰিছে সকলো ৷

কেনে আছে ধুবুৰীৰ প্ৰখ্যাত আশাৰীকান্দি কুটিৰ শিল্প গাঁও

ইপিনে চৰকাৰৰ ফালৰ পৰা কেৱল সামান্য চাউল যোগান দিয়াৰ বাহিৰে আন একো সাহাৰ্য আগবঢ়োৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে একাংশ ব্যৱসায়ীয়ে ৷ দেশৰ অৰ্থনীতিৰ লগতে মৃৎশিল্প খণ্ডত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা এই গাঁওখনৰ শিল্পী সকলক এই বিপদৰ সময়ত চৰকাৰে এতিয়া কেনেদৰে সহায় কৰে সেইয়া হ'ব লক্ষণীয় ৷

লগতে পঢ়কঃ মঙলবাৰৰ পৰা খুলিব পাৰিব গ্ৰামাঞ্চলৰ দোকান-পোহাৰঃ কেবিনেটৰ সিদ্ধান্ত

Last Updated : Apr 27, 2020, 8:59 PM IST

ABOUT THE AUTHOR

...view details