ধুবুৰী,9 ফেব্ৰুৱাৰী: ধুবুৰী আৰক্ষীৰ জালত বহিঃৰাজ্যৰ ইৰাণী গ্ৰুপৰ সদস্য ৷ সোমবাৰে ধুবুৰী চহৰস্থিত চেন্ট্ৰেল বেংকৰ সন্মুখত এজন গ্ৰাহকৰ পৰা দুই লাখ টকাৰ এটা বেগ কাঢ়ি লৈ পলাবলৈ চেষ্টা কৰোতেই স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে আটক কৰে যুৱক জনক ৷ আৰক্ষীয়ে আটক কৰা যুৱকজন বিহাৰৰ আকাশ যাদৱ বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷
ধুবুৰী আৰক্ষীৰ জালত ইৰাণী গ্রুপৰ সদস্য - ধুবুৰী আৰক্ষীৰ জালত ইৰাণী গ্রুপৰ সদস্য
ধুবুৰী চহৰস্থিত চেন্ট্ৰেল বেংকৰ সন্মুখত এজন গ্ৰাহকৰ পৰা দুই লাখ টকাৰ এটা বেগ কাঢ়ি নি পলাবলৈ চেষ্টা কৰোতেই স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰে বহিঃৰাজ্যৰ ইৰাণী গ্ৰুপৰ এজন সদস্যক ৷
ধুবুৰী আৰক্ষীৰ জালত ইৰাণী গ্রুপৰ সদস্য
উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা জিলাখনত ইৰাণী গ্ৰুপৰ সদস্যই এক ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ আৰক্ষীয়ে যুৱকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰি জেৰা আৰম্ভ কৰাৰ লগতে এই কাণ্ডৰ লগত এটি বৃহৎ চক্ৰ জড়িত থকাৰ কথা উল্লেখ কৰিলে ৷
লগতে পঢ়ক:সংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীত জড়িত 5 জনক গ্ৰেপ্তাৰ