বিলাসীপাৰা,28 মে' : বিলাসীপাৰাত জব্দ উন্নত জাতৰ গৰু | পাচে আৰক্ষীয়ে নহয়,ৰাইজে আটক কৰে বহি:ৰাজ্যৰ পৰা সৰবৰাহ কৰা উন্নতজাতৰ বাংলাদেশ অভিমুখী গৰুবোৰ |
বাংলাদেশলৈ ভাৰতৰ গৰুঃ বিলাসীপাৰাত ৰাইজে কৰিলে জব্দ - অবৈধ গৰু
মঙলবাৰে বিলাসীপাৰাত ৰাইজে 12 টাকৈ উন্নতজাতৰ গৰু জব্দ কৰি গতাই দিয়ে নয়াহাট আৰক্ষীক | কিন্তু আৰক্ষীৰ পৰিবৰ্তে ৰাইজে আটক কৰাৰ বাবে গৰুবোৰ চমজাই ল'বলৈ আৰক্ষীয়ে দ্বিধাবোধ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে |
মঙলবাৰে বিলাসীপাৰাত ৰাইজে 12 টাকৈ উন্নতজাতৰ গৰু জব্দ কৰি গতাই দিয়ে নয়াহাট আৰক্ষীক | কিন্তু আৰক্ষীৰ পৰিবৰ্তে ৰাইজে আটক কৰাৰ বাবে গৰুবোৰ চমজাই ল'বলৈ আৰক্ষীয়ে দ্বিধাবোধ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে | উল্লেখ্য যে বিলাসীপাৰাত অব্যাহত আছে অবৈধ গৰু ছিণ্ডিকেট চক্ৰৰ দপদপনি | দীৰ্ঘদিন ধৰি বিলাসীপাৰাৰ নয়াহাট, ৰানীগঞ্জ, লক্ষীগঞ্জ, সাপটগ্ৰাম আৰক্ষী থানাৰ সম্মুখেৰে দিনে-নিশাই অবৈধ গৰু বাংলাদেশলৈ সৰবৰাহ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে | কিন্তু ইয়াৰ পাচতো উল্লেখিত আৰক্ষী থানাসমূহৰ আৰক্ষী বিষয়াসকলে ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰি অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে | সেয়েহে এই ক্ষেত্ৰত এক উচিত তদন্ত কৰি সন্দেহৰ আৱৰ্তত থকা নয়াহাট, লক্ষীগঞ্জ,ৰানীগঞ্জ,সাপটগ্ৰাম আৰু বিলাসীপাৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আবেদন জনায় ৰাইজে |