অসম

assam

ETV Bharat / state

কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক বিৰোধিতা প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ

বিটিচি নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফ দলৰ পৰাজয়ৰ পাচতে সংবাদমেল সম্বোধন কৰি ক্ষোভ প্ৰকাশ কৰে জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী মহিবুল হকে ৷ কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাৰ বাবেই বিটিচি নিৰ্বাচনত শোচনীয় ফলাফল লাভ কৰা বুলি মন্তব্য কৰা লগতে এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷

By

Published : Dec 14, 2020, 10:36 PM IST

Congress and AIUDF alliance opposed former minister Mahibul Haque
কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাক বিৰোধিতা প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ

ধুবুৰী,14 ডিচেম্বৰ : বিটিচি নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফে মুখ ঠেচেকা খোৱাৰ পিছতেই জাঙুৰ খাই উঠিছে একাংশ কংগ্ৰেছী নেতা ৷ মঙলবাৰে ধুবুৰীৰ প্ৰশান্তি ল'জত জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন মন্ত্ৰী মহিবুল হকে এখন সংবাদমেল সম্বোধন কৰি ক্ষোভ প্ৰকাশ কৰে ৷ গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত পৰ্বতঝৰা পৰিষদীয় সমষ্টি আৰু গোমা পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ প্ৰদেশ কংগ্ৰেছে মহিবুল হকক দায়িত্ব নিদিয়াত ক্ষোভ প্ৰকাশ কৰি কয় যে, "মই দায়িত্বত থকাৰ পাচত বিজয়ী নহ'লে মই পদত্যাগ কৰিলোহেতেন"৷

কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাক বিৰোধিতা প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ

কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক বিৰোধিতা কৰি কয় যে, ৰাষ্ট্ৰবিৰোধী উগ্ৰপন্থী সংগঠনৰ লগত সম্পৰ্ক থকা ৰাজনৈতিক দলৰ লগত কংগ্ৰেছৰ মিত্ৰতা সম্ভৱ নহয় ৷ শেহতীয়া ভাৱে আজমল ফাউণ্ডেচনলৈ ৰাষ্ট্ৰবিৰোধী উগ্ৰপন্থী সংগঠনৰ ফালৰ পৰা অনুদান অহা ঘটনাই ৰাজ্যৰ ৰাজনীতিত এক আলোড়ণৰ সৃষ্টি কৰিছিল ৷ তাৰ পাচতো বিটিচি নিৰ্বাচনত কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক সহজ ভাৱে ল'ব পৰা নাই প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক:লুৰিণ জ্যোতি গগৈয়ে ব’ঠা ধৰিব নেকি অসম জাতীয় পৰিষদৰ !

ABOUT THE AUTHOR

...view details