অসম

assam

ETV Bharat / state

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে শিশুৰ পুষ্টিহীনতাৰ সংখ্যা - ৬০টা শিশুক পৰীক্ষা

ধুবুৰীৰ জৰুৱাৰ চৰত অতিপুষ্টিহীন শিশু চিনাক্তকৰণ শিবিৰৰ আয়োজন স্বাস্থ্য বিভাগৰ। জৰুৱা অঞ্চলৰ কেইবাখনো গাওঁৰ প্ৰায় ৬০টা শিশুক পৰীক্ষা কৰি ৭টা মধ্যমীয়া আৰু ৫টা অতিপুষ্টিহীন শিশু চিনাক্ত কৰি শিশু সকলক পৰিপুষ্টি সংশোধন কেন্দ্ৰলৈ প্ৰৰণ কৰিবলৈও অভিভাৱকক সকলক পৰামৰ্শ দিয়ে ৷

child health camp at dhuburi
দেশত প্ৰতিদিনে বৃদ্ধি পাইছে শিশুৰ পুষ্টিহীনতাৰ সংখ্যা

By

Published : Nov 22, 2020, 10:45 PM IST

ধুবুৰী,22 নৱেম্বৰঃ দেশত পুষ্টিহীনতাৰ পৰা মুক্ত কৰা আৰু ভৱিষ্যৎ প্ৰজন্মক সুস্থ আৰু সৱলভাবে গঢ় দিয়াৰ উদ্দেশ্যে দক্ষিণ শালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু বিৰসিং-জৰুৱা সংহত শিশু উন্নয়ন প্ৰকল্প আৰু পিৰামল ফাউণ্ডেচনৰ সহযোগত শনিবাৰে জৰুৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত অতিপুষ্টিহীন শিশু চিনাক্তকৰণ আৰু পৰিচৰ্যাৰ উদ্দেশ্যে এটি শিবিৰ পতা হয় ৷ ইপিনে উক্ত শিবিৰত জৰুৱা অঞ্চলৰ কেইবাখনো গাওঁৰ প্ৰায় ৬০টা শিশুক পৰীক্ষা কৰি ৭টা মধ্যমীয়া আৰু ৫টা অতিপুষ্টিহীন শিশু চিনাক্ত কৰি শিশু সকলক পৰিপুষ্টি সংশোধন কেন্দ্ৰলৈ প্ৰৰণ কৰিবলৈও অভিভাৱকক সকলক পৰামৰ্শ দিয়ে ৷

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে শিশুৰ পুষ্টিহীনতাৰ সংখ্যা

উক্ত কাৰ্যসূচীত বীৰসিং জৰুৱা সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা সকল, আশা, অংগনৱাডী কৰ্মী সকলৰ লগতে দক্ষিণ শালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএম, বিডিএম আৰু পিৰামল ফাউণ্ডেচনৰ দক্ষিণ শালমাৰাৰ দুয়োজন বিটি উপস্থিত থাকে ৷ কাৰ্যসূচীত আৰ বি এছ কে (RBSK) ৰ চিকিৎসক-নাৰ্চৰ টীমৰ লগতে ধুবুৰী পৰিপুষ্টি সংশোধন কেন্দ্ৰৰ ডায়েটিচিয়ান নাজনীন পাৰবীনো উপস্থিত থাকি শিশু সকলৰ স্বাস্থ্য পৰীক্ষা কাৰ্যসূচীত অংশ লয় ৷

দেশত প্ৰতিদিনে বৃদ্ধি পাইছে শিশুৰ পুষ্টিহীনতাৰ সংখ্যা

ইপিনে আগন্তক দিনত আৰু কেইবাটাও এনে শিবিৰ পাতি অতি পুষ্টিহীন শিশু সকলক চিনাক্ত কৰি স্বাস্থ্যৰ যতন লোৱা হ’ব বুলি দক্ষিণ শালমাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বিপিএম নুৰ আলম মোল্লাই জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ আহোমৰ-ৰজাঘৰীয়াৰ তেজ আছে লুৰিণৰ গাত : মহেন্দ্ৰ হাজৰিকা

ABOUT THE AUTHOR

...view details