অসম

assam

ETV Bharat / state

নাও দুৰ্ঘটনাত মৃত্যু আঠটাকৈ গৰুৰ - নাও দুৰ্ঘটনা

বানৰ পৰা ৰক্ষা পাবলৈ ওখ ঠাইলৈ নাও যোগে গৰু লৈ যোৱাৰ সময়তে সংঘটিত হয় নাও দুৰ্ঘটনা ৷

নাও দুৰ্ঘটনাত মৃত্যু আঠটাকৈ গৰুৰ

By

Published : Jul 16, 2019, 7:55 AM IST

ধুবুৰী,16 জুলাইঃ ভয়াৱহ বান পৰিস্থিতিৰ মাজতে ধুবুৰীৰ ফকিৰগঞ্জত নাও দুৰ্ঘটনা ৷ দুৰ্ঘটনাত মৃত্যু আঠটাকৈ গৰুৰ ৷ ধুবুৰীৰ ফকিৰগঞ্জৰ পামপাৰা চতলাৰপাৰ গাওঁ পঞ্চায়ত বৰ কলিয়াগলাদিঘী গাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা ৷ বানপানীয়ে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ফকিৰগঞ্জৰ বহু গো-পালকৰ মাজত ৷ বানৰ কবলত পৰাৰ বাবে আব্দুছ ছামাদ আৰু চুৰত জামাল নামৰ দুজন ব্যক্তিয়ে আঠটাকৈ গৰু ওখ ঠাইলৈ নিয়াৰ বাবে বিভিন্নজনৰ সৈতে যোগাযোগ কৰিও কোনোধৰণৰ সঁহাৰি লাভ নকৰাত টুলুঙা নাৱেৰে গৰু কেইটা ওখ ঠাইলৈ নিয়াৰ ব্যৱস্থা কৰে ৷ সৰু টুলুঙা নাওখনে পানীৰ সোঁতত ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি পানীত ডুব যায় ৷ ফলত মৃত্যু হয় আঠটাকৈ গৰুৰ ৷ এই ঘটনাই এতিয়া অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷ উল্লেখযোগ্য যে,জিলা প্ৰশাসনৰ ফালৰ পৰা পশুধন কেইটাক সময় মতে উদ্ধাৰ কৰা হ'লে এই দুৰ্ঘটনাৰ পৰা পশুধন কেইটা ৰক্ষা পালেহেতেন বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details