অসম

assam

ETV Bharat / state

ধুবুৰীত ব্ৰহ্মপুত্ৰত আবদ্ধ যাত্ৰীবাহী নাও - বৰলুইত

মঙলবাৰে বৰলুইতৰ বুকুত আবদ্ধ হৈ পৰে এখন যাত্ৰীবাহী নাও। মুহুৰ্ততে শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ দৰাচলতে ধুবুৰী পাৰঘাটৰ পৰা শতাধিক যাত্ৰী লৈ মঙলবাৰে পুৱা ফকিৰগঞ্জলৈ যাত্ৰা কৰিছিল এখন যাত্ৰীবাহী নাওখনে ৷ অপৰিৱৰ্তিত ঘন কুঁৱলীৰ বাবে প্ৰায় এঘণ্টা পলমকৈ যাত্ৰা আৰম্ভ কৰিছিল নাওখনে ৷

ধুবুৰী
ঘন কুঁৱলীৰ বাবে আবদ্ধ নাওঁ

By

Published : Jan 14, 2020, 2:42 PM IST

ধুবুৰী,14 জানুৱাৰীঃঘন কুঁৱলী স্বত্বেও ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুৱেদি অব্যাহত আছে বিপদসংকুল যন্ত্ৰচালিত নাওৰ যাত্ৰা । ফলত মঙলবাৰে বৰলুইতৰ বুকুত আবদ্ধ হৈ পৰে এখন যাত্ৰীবাহী নাওখনে। মুহুৰ্ততে শতাধিক যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ দৰাচলতে ধুবুৰী পাৰঘাটৰ পৰা শতাধিক যাত্ৰী লৈ মঙলবাৰে পুৱা ফকিৰগঞ্জলৈ যাত্ৰা কৰিছিল এখন যাত্ৰীবাহী নাও ৷ অপৰিৱৰ্তিত ঘন কুঁৱলীৰ বাবে প্ৰায় এঘণ্টা পলমকৈ যাত্ৰা আৰম্ভ কৰিছিল নাওখনে ৷

ঘন কুঁৱলীৰ বাবে আবদ্ধ নাওঁ

কিন্তু ঘন কুঁৱলীৰ ফলত মাজবাটতে পথভ্ৰষ্ট হয় নাওখন । পথ বিচাৰি নোপোৱাৰ ফলত প্ৰায় এঘণ্টা সময় নদীৰ বুকুত আবদ্ধ হৈ থাকে নাওখন ৷ পিছত বিপৰীত দিশৰ পৰা অহা এখন যন্ত্ৰচালিত নাৱৰ পৰামৰ্শমতে যাত্ৰাৰম্ভ কৰে আবদ্ধ নাওখনে। ফলত সাম্ভাব্য দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে নাওখন ৷

লগতে চাওকঃবকোত একে নিশাই সংঘটিত হ'ল দুটা পথ দুৰ্ঘটনা

ABOUT THE AUTHOR

...view details