ধুবুৰী, 9 অক্টোবৰ : দুৰ্গা পূজাৰ উছাহ উদ্দীপনাৰ মাজতে বিলাসীপাৰাৰ ৰাণীগঞ্জত সংঘটিত হয় এক শোকাৱহ ঘটনা | বিলাসীপাৰাত নৱমী পূজা চাই সোমবাৰে নিশা সমনীয়াৰ সৈতে ঘৰ অভিমুখে আহি থকা অৱস্থাত কাঠৰ দলংৰ পৰা হেল নৈত পৰি মৃত্যু হয় এজন যুৱকৰ ৷ নিহত যুৱকজন কুটাপাৰা গাঁৱৰ নিত্য ৰঞ্জন দাস (23) বুলি চিনাক্ত ৷
বিলাসীপাৰাত দলঙৰ পৰা পৰি মৃত্যু যুৱকৰ
নৱমী পূজা চাই ঘৰলৈ অহাৰ সময়ত নদীত পৰি মৃত্যু এজন যুৱকৰ ৷
বিলাসীপাৰাত দলঙৰ পৰা পৰি মৃত্যু যুৱকৰ
স্থানীয় লোকৰ তৎপৰতাত উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ ৷ বৰ্তমান ৰাণীগঞ্জ আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ ৷