ধুবুৰী, 10 এপ্ৰিল :ধুবুৰীত মঙলবাৰে মেলাঘাটৰ সমীপৰ গদাধৰ নৈত সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনা ৷ মালবাহী নাও আৰু বিবাহযাত্ৰীৰ নাৱৰ মুখামুখী সংঘৰ্ষৰ ফলত শিশু মহিলা সহ দুগৰাকী লোকৰ মৃত্যু হয় ৷
ধুবুৰীৰ গদাধৰ নৈত ভয়ংকৰ নাও দুৰ্ঘটনাঃ নিহত দুজন - মৃত্যু
মালবাহী নাৱৰ স'তে বিবাহযাত্ৰীৰ নাৱৰ মুখামুখী সংঘৰ্ষৰ ফলতে সংঘটিত হয় দূঘটনাটো ৷ দুৰ্ঘটনাটোৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে এতিয়াও সন্ধানহীন এগৰাকী ছাত্ৰী ৷
ধুবুৰীৰ লগতে অসম তথা দেশবাসীয়ে এতিয়াও পাহৰিব পৰা নাই 2012 চনৰ ত্ৰিশ এপ্ৰিলৰ ভয়াৱহ নাও দুৰ্ঘটনাৰ কথা ৷ তেনে সময়তে পুনৰ ছয় বছৰৰ পাচত অনুৰূপ ঘটনা সংঘটিত হয় ধুবুৰীত ৷ ঘটনাৰ বিৱৰণী অনুসৰি সোমবাৰে ধুবুৰীস্থিত কুন্তীৰ চৰ দ্বিতীয় খণ্ড গাঁৱৰ মনোৱাৰ আলী শেখ আৰু একেখন গাঁৱৰে মঞ্জিলা খাতুনৰ বিবাহ সম্পন্ন হয় ৷ মঙলবাৰে বিবাহ সম্পন্ন হোৱাৰ পাচতে বিবাহযাত্ৰী সকলে দৰাঘৰৰ পৰা দৰা-কইনা সহ কইনাৰ ঘৰলৈ এখন সৰু যন্ত্ৰ চালিত নাও এখনেৰে যাত্ৰা কৰে ৷ কিন্তু যাত্ৰা আৰম্ভ কৰাৰ ক্ষন্তেক পিচতেই সন্মুখৰ পৰা এখন মালবাহী নাৱে প্ৰচণ্ড বেগেৰে বিবাহযাত্ৰীৰ নাওখনক খুন্দা মাৰে ৷ ফলত বিবাহযাত্ৰীৰ নাওখন পানীত ডুব যায় ৷ জানিব পৰা মতে নাঁওখনত দৰা কইনা সহ 45 জন যাত্ৰী আছিল ৷ নাওখনত থকা অধিকাংশ লোকে কোনোমতে প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় যদিও 7 জন লোকক সংকটজনক অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ ইয়াৰ ভিতৰত চায়না বিবি নামৰ এগৰাকী মহিলা আৰু এটি শিশুৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিব দিয়ে ৷ বৰ্তমান চিকিৎসালয়ত জহিৰুল শেখ, ছানোৱাৰ হুছেইন, হাজি শুকুৰ আলী, সোনাউল্লাহ আৰু মোন্নফ আলীকে ধৰি পাঁচজন লোক চিকিৎসাধীন অৱস্থাত আছে ৷ ইপিনে আৰক্ষীয়ে জনোৱা অনুসৰি ধুবুৰীৰ বি চি মেমৰিয়াল স্কুলৰ জাহেদা খাতুন নামৰ এগৰাকী আঠ বছৰীয়া ছাত্ৰী নাও দুৰ্ঘটনাটোত সন্ধানহীন হৈ আছে ৷ বৰ্তমান আৰক্ষী আৰু উদ্ধাৰকাৰী এছডিআৰএফৰ দলে উদ্ধাৰকাৰ্য্য অব্যাহত ৰাখিছে ৷