অসম

assam

ধুবুৰীত প্ৰাৰ্থীত্বক লৈ বিজেপিৰ ভিতৰচ’ৰাত সংঘাত

ধুবুৰীত বিজেপিৰ সংবাদমেল । প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতৰ অনুমান ধুবুৰীত । সংখ্যালঘু প্ৰাৰ্থীত্ব প্ৰক্ষেপৰ দাবীত এটা পক্ষই এফালে প্ৰতিবাদ কৰিছে আনটো ফালে প্ৰতিবাদী বিজেপি কৰ্মীৰ বিৰুদ্ধে সংবাদমেল বিজেপিৰ আনটো পক্ষৰ ।

By

Published : Mar 7, 2021, 11:04 PM IST

Published : Mar 7, 2021, 11:04 PM IST

প্ৰাৰ্থীত্বক লৈ বিজেপিৰ ভিতৰচৰাত সংঘাত ধুবুৰীত
প্ৰাৰ্থীত্বক লৈ বিজেপিৰ ভিতৰচৰাত সংঘাত ধুবুৰীত

ধুবুৰী, ৭ মাৰ্চ: অসম বিধান সভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । অধিকাংশ ৰাজনৈতিক দলেই ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । প্ৰাৰ্থীত্ব প্ৰদানক কেন্দ্ৰ কৰি বৰ্তমান ঠায়ে-ঠায়ে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । ধুবুৰীতে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতৰ অনুমান কৰা হৈছে । ধুবুৰী সমষ্টিত বিজেপিয়ে সংখ্যালঘু প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ দাবীত ধৰ্মশালা মণ্ডল বিজেপিৰ উপ সভাপতি সুজিত কুমাৰ সেনৰ নেতৃত্বত প্ৰাৰ্থীত্ব প্ৰত্যাশী মতিয়ৰ ৰহমানৰ একাংশ সমৰ্থকক লগত লৈ যোৱা ছয় মাৰ্চত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল । উক্ত প্ৰসংগত ধৰ্মশালা মণ্ডল বিজেপিৰ সভাপতি আয়নন্দ ৰায় আৰু ঝগৰাৰপাৰ মণ্ডল বিজেপিৰ সভাপতি নিৰঞ্জন কুমাৰ দাসৰ লগতে সাধাৰণ সম্পাদকৰ উপস্থিতিত দেওবাৰে অনুষ্ঠিত হয় এক সংবাদমেলৰ ।

ধুবুৰীত প্ৰাৰ্থীত্বক লৈ বিজেপিৰ ভিতৰচ’ৰাত সংঘাত

এই সংবাদমেলত ধৰ্মশালা মণ্ডল বিজেপিৰ সভাপতি আয়নন্দ ৰায়ে কয় যে, যোৱা ছয় মাৰ্চত ধৰ্মশালাত মণ্ডল বিজেপিৰ উপ সভাপতি সুজিত কুমাৰ সেনে একাংশ বিজেপি কৰ্মীক লৈ প্ৰতিবাদ সাব্যস্ত কৰে । এইক্ষেত্ৰত মণ্ডল বিজেপিৰ ফালৰ পৰা কোনো অনুমতি লোৱা হোৱা নাছিল ৷ ইপিনে ঝাগৰাৰ পাৰ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক আবু চায়েদে কয় যে, সুজিত কুমাৰ সেনে একাংশ ভাৰাতীয়া লোকক লগত লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল । মতিয়ৰ ৰহমানক প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰাৰ বিপৰীতে জিলা সভাপতি ডাঃ দেৱময় সান্যালৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰা প্ৰসংগত গৰিহণা দিয়ে আবু চায়েদে ।

দলটোৰ নেতৃত্বই দল বিৰোধী কাৰ্যকলাপৰ বাবে প্ৰতিবাদীসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে দলীয় নেতৃত্বক দাবী জনাব বুলি উল্লেখ কৰে উক্ত সংবাদমেলত । আনহাতে মতিয়ৰ ৰহমান নামৰ ধুবুৰী সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশীজনক ধুবুৰী সমষ্টিৰ ভোটাৰ নহয় বুলিও মন্তব্য কৰাৰ লগতে প্ৰতিবাদকাৰীসকল এ আই ইউ ডি এফৰ এজেন্ট হিচাপে কাম কৰিছে বুলি সন্দেহ প্ৰকাশ কৰে দলটোৰ নেতৃত্বই । আনহাতে বিজেপিত কোনো প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত নাই বুলিও স্পষ্ট কৰি দিয়ে ঝগৰাৰপাৰ মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক আবু চায়েদে । সংখ্যালঘু প্ৰাৰ্থীত্ব প্ৰক্ষেপৰ দাবীত এটা পক্ষই যদি প্ৰতিবাদ সাব্যস্ত কৰিছে আনটো পক্ষই ইয়াৰ বিৰোধীতাৰে সংবাদমেল অনুষ্ঠিত কৰিছে । এতিয়া প্ৰশ্ন উত্থাপন হয় যে, প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত চলিছে নেকি ধুবুৰী জিলা বিজেপিত ৷

লগতে পঢ়ক: বিজেপি ত্যাগ কৰিলে চাবুৱাৰ একাংশ বিজেপি কৰ্মীয়ে

ABOUT THE AUTHOR

...view details