অসম

assam

ETV Bharat / state

ধুবুৰীত জন সম্পৰ্ক অভিযান আৰম্ভ বিজেপিৰ

দেওবাৰে ধুবুৰী বিধান সভা সমষ্টিৰ সদৰ চহৰৰ ৯ নং ৱাৰ্ডৰ লগতে সন্ধিয়াৰ ভাগত চৈধ্য নং ৱাৰ্ডৰ হাজাৰীগাঁওৰ অঞ্চলত জন সম্পৰ্ক অভিযানেৰে নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি নেতা উত্তম কুমাৰ প্ৰসাদে ৷ বিজেপি নেতা গৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সম্পৰ্কে ৰাইজৰ সৈতে আলোচনা কৰে ৷ তদুপৰি নিৰ্বাচন সমাগত বুলি উল্লেখ কৰি ৰাইজক এইবাৰ সঠিক সিদ্ধান্ত ল'বলৈ আহ্বান জনায় প্ৰসাদে ৷

By

Published : Feb 14, 2021, 10:17 PM IST

BJP MEETING AT DHUBRI
ধুবুৰীত জন সম্পৰ্ক অভিযান আৰম্ভ বিজেপিৰ

ধুবুৰী,14ফেব্ৰুৱাৰী: ৰাজ্যৰ 2021ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত তুংগত উঠিছে ৰাজনৈতিকত দলসমূহৰ প্ৰচাৰ অভিযান ৷ ধুবুৰীতো গাঁৱে গাঁৱে জন সম্পৰ্ক অভিযানেৰে প্ৰচাৰ চলাইছে বিজেপিয়ে ৷

ধুবুৰীত জন সম্পৰ্ক অভিযান আৰম্ভ বিজেপিৰ

দেওবাৰে ধুবুৰী বিধান সভা সমষ্টিৰ সদৰ চহৰৰ ৯ নং ৱাৰ্ডৰ লগতে সন্ধিয়াৰ ভাগত 14 নং ৱাৰ্ডৰ হাজাৰীগাঁওৰ অঞ্চলত জন সম্পৰ্ক অভিযানেৰে নিৰ্বাচনী প্ৰচাৰ চলায় বিজেপি নেতা উত্তম কুমাৰ প্ৰসাদে ৷ বিজেপি নেতা গৰাকীয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি সম্পৰ্কে ৰাইজৰ সৈতে মাজত আলোচনা কৰে ৷ তদুপৰি নিৰ্বাচন সমাগত বুলি উল্লেখ কৰি ৰাইজক এইবাৰ সঠিক সিদ্ধান্ত ল'বলৈ আহ্বান জনায় প্ৰসাদে ৷

ইপিনে, বিজেপিৰ প্ৰতি ভোটাৰ ৰাইজে আকৃষ্ট হৈ দলে-বলে বিজেপিত যোগদান কৰাৰ লগতে সংখ্যালঘু লোক সকলৰো বিজেপিৰ সভা সমিতিলৈ সোঁত বৈছে বুলি কয় নেতাগৰাকীয়ে ৷ আনহাতে, ধুবুৰীৰ লগতে ৰাজ্য তথা দেশ খনত একাংশই হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে বুলি কৈ আগন্তুক নিৰ্বাচনত ধুবুৰী মহকুমাৰ তিনিখন সমষ্টিয়েই বিজেপিৰ দখললৈ যাব বুলি মন্তব্য কৰে বিজেপি নেতা উত্তম কুমাৰ প্ৰসাদে ৷

লগতে পঢ়কঃ২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱালৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ

ABOUT THE AUTHOR

...view details