পশ্চিম বিলাসীপাৰা, 28 জানুৱাৰীঃবিলাসীপাৰাত মঙলবাৰে বিয়লিৰ ভাগত এখন সংবাদমেল সম্বোধন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৷ সংবাদমেল সম্বোধন কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে সংগঠনদুটাৰ নেতৃত্বই ৷ কৃষক মুক্তিৰ আপোচহীন সংগ্ৰামলৈ ভয় কৰে বিজেপি চৰকাৰে ৷ সেয়েহে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বিজেপি চৰকাৰ ৷ বিজেপি চৰকাৰে যি সাম্প্ৰদায়িক "কা" অসমীয়াৰ ওপৰত জাপি দিব বিচাৰিছে সেয়া কোনো কাৰনতে মানি লোৱা নহ'ব । চৰকাৰী প্ৰশাসন যন্ত্ৰই "কা"ৰ বিৰোধ কৰা কৃষক নেতা অখিল গগৈসহ গ্ৰেপ্তাৰ কৰা আন একাংশ সংগ্ৰামী সতীৰ্থক বিনা চৰ্তত মুকলি দিবলৈ দাবী উত্থাপন কৰে ৷
কৃষক মুক্তিলৈ ভয় বিজেপি চৰকাৰৰ - বিলাসীপাৰাত কৃষক মুক্তি সংগ্ৰাম সমিতি
মঙলবাৰে বিলাসীপাৰাৰ বিআৰ আম্বেদকাৰ ভৱনত এখন সংবাদমেল আয়োজন কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিলৈ ভয় কৰে বিজেপি চৰকাৰে ৷ সেয়েহে বহুকেইগৰাকী নেতাক জেলত বন্দী কৰি ৰাখিছে চৰকাৰে ৷
কৃষক মুক্তিলৈ ভয় বিজেপি চৰকাৰৰ
বিলাসীপাৰাৰ বিআৰ আম্বেদকাৰ ভৱনত এইদৰে সংবাদমেল সম্বোধন কৰি বহুকেইটা অভিযোগ উত্থাপন কৰে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে ।