প্লাষ্টিক নিষিদ্ধ কৰাৰ উদ্দেশ্যৰে ৰাজপথত ছাত্ৰ-ছাত্ৰী - প্লাষ্টিক নিসিদ্ধ কৰাৰ উদ্দেশ্য
প্লাষ্টিক বৰ্জনৰ সংকল্প লৈ এক সজাগতামূলক সমদল উলিয়ালে পূৱ বিলাসীপাৰাৰ চাপৰৰ বিভিন্ন বিদ্যালয়ৰ শ-শ ছাত্ৰ-ছাত্ৰীয়ে ৷
প্লাষ্টিক নিসিদ্ধ কৰাৰ উদ্দেশ্যৰে ৰাজপথত ছাত্ৰ-ছাত্ৰী
বিলাসীপাৰা,19চেপ্তেম্বৰ : প্লাষ্টিক বৰ্জনৰ সংকল্পৰে পূৱ বিলাসীপাৰাৰ চাপৰৰ বিভিন্ন বিদ্যালয়ৰ শ-শ ছাত্ৰ-ছাত্ৰী ওলাই আহিল ৰাজপথলৈ ৷ চাপৰ ৰাজহ চক্ৰ বিষয়া আৰু চাপৰ পৌৰ সভাৰ উদ্যোগত অঞ্চলটোত প্লাষ্টিক নিষিদ্ধ কৰাৰ উদ্দেশ্যৰে উলিওৱা হয় এক সজাগতামূলক সমদল ৷ প্লাষ্টিক ব্যৱহাৰ আইনমতে দণ্ডনীয় হোৱাৰ লগতে প্লাষ্টিকৰ অপকাৰী সম্পৰ্কে হাতে-হাতে প্লেকাৰ্ড লৈ বহু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে এই সমদলত ৷