অসম

assam

চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত শতাধিক মহিলাৰ ধৰ্ণা

নিজৰ প্ৰাপ্যৰ দাবীত আৰু আঞ্চলিক সভানেত্ৰীক বিডিঅ’ই দুৰ্ব্যৱহাৰ কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে জবকাৰ্ড প্ৰাপ্ত শ্ৰমিক আৰু বিভিন্ন গাঁও পঞ্চায়তৰ বাসিন্দাই ।

By

Published : Oct 22, 2020, 7:16 PM IST

Published : Oct 22, 2020, 7:16 PM IST

bilashipara-protest
চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা শতাধিক মহিলাৰ

পূৱ বিলাসীপাৰা, ২২ অক্টোবৰ: পূৱ বিলাসীপাৰাৰ চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৃতিকা বসুমতাৰীয়ে একনায়কত্ববাদ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে উন্নয়ন খণ্ডটোত বিভিন্ন আঁচনিৰ কামৰ নামত ব্যাপক অনিয়ম চলাই থকাৰ অভিযোগ তুলিছে একাংশ ৰাইজে ।
খণ্ড উন্নয়ন বিষয়া কৃতিকা বসুমতাৰীয়ে চলাই থকা অৰাজকতা সন্দৰ্ভত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে অভিযোগকাৰী আঞ্চলিক পঞ্চায়ত সদস্য সকলৰ বিৰুদ্ধে এইগৰাকী বিষয়া ক্ষুব্ধ হৈ পৰিছে বুলি অভিযোগ উঠিছে ।

চাপৰ-শালকোচা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা শতাধিক মহিলাৰ

ফলত বুধবাৰে আঞ্চলিক পঞ্চায়ত সভানেত্ৰী আনজিৰা খাতুনে পঞ্চায়তৰ কামৰ বাবে খণ্ড উন্নয়ন বিষয়া কৃতিকা বসুমতাৰীৰ ওচৰত যোৱাৰ পিছতে বিডিঅ’ গৰাকীয়ে বিভিন্ন ধৰণৰ দাবী ধমকি দিয়াৰ লগতে দুৰ্ব্যৱহাৰ কৰি কাৰ্যালয়ৰ পৰা বাহিৰ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে এইগৰাকী জনপ্ৰতিনিধিয়ে ৷

ইপিনে, নিজৰ প্ৰাপ্যৰ দাবীত আৰু আঞ্চলিক সভানেত্ৰীক বিডিঅ’ই দুৰ্ব্যৱহাৰ কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে জবকাৰ্ড প্ৰাপ্ত শ্ৰমিক আৰু বিভিন্ন গাঁও পঞ্চায়তৰ বাসিন্দাই । শীঘ্ৰেই বিডিঅ’ কৃতিকা বসুমতাৰীক শাস্তিমূলক বদলি কৰাৰো দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰী লোক সকলে ।
লগতে পঢ়ক: গোলাঘাটত এ টি এম ভাঙি ধন লুটৰ অপচেষ্টা দুষ্কৃতিকাৰীৰ

ABOUT THE AUTHOR

...view details