অসম

assam

ETV Bharat / state

ধুবুৰীত লুটপাতত জড়িত সাতজনক গ্ৰেপ্তাৰ আৰক্ষীৰ - সংবাদমেল

গৌৰীপুৰত সংঘটিত এক লুটপাতৰ ঘটনাত জড়িত সাত অভিযুক্তক শনিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষী । আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নগদ ধন আৰু অন্যান্য সামগ্ৰী ৷ শনিবাৰে এই সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক যুৱৰাজে এক সংবাদমেল অনুষ্ঠিত কৰে ৷

ধুবুৰী
সাতজনক গ্ৰেপ্তাৰ

By

Published : Jan 25, 2020, 7:22 PM IST

ধুবুৰী,25 জানুৱাৰীঃগণৰাজ্য দিৱসৰ এদিন পূৰ্বে ধুবুৰী আৰক্ষীৰ বৃহৎ সফলতা । গৌৰীপুৰত সংঘটিত এক লুটপাতৰ ঘটনাত জড়িত সাত অভিযুক্তক শনিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ধুবুৰী আৰক্ষী । আৰক্ষীয়ে ডকাইতৰ দলটোৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নগদ ধন আৰু অন্যান্য সামগ্ৰী ৷ শনিবাৰে এই সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক যুৱৰাজে এক সংবাদমেল অনুষ্ঠিত কৰে ৷ বিগত 20 জানুৱাৰীৰ পুৱতি নিশা ধুবুৰী জিলাৰ গৌৰীপুৰৰ এছ বি আই এ টি এম-ৰ পৰা দুৰ্বৃত্তই কৌশলেৰে লুটি নিছিল ৪২,৪৫,000 টকা ৷

সাতজনক গ্ৰেপ্তাৰ

ঘটনাৰ পিছতে ধুবুৰী আৰক্ষীয়ে আৰম্ভ কৰিছিল ধাৰাবাহিক তদন্ত ৷ ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ ভিন্ন অঞ্চলত আৰক্ষীয়ে অভিযান চলাই লুটপাতত জড়িত সাতজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । লগতে ধৃত দলটোৰ জিম্মাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ১৯,৫১,৫০০ টকা ৷ নগদ ধনৰ উপৰিও দুখন মটৰ চাইকেলসহ চিলিণ্ডাৰ,গেছ কাটাৰ আৰু এ টি এম মেচিনৰ কিছু অংশ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকা,উপ-আৰক্ষী অধীক্ষক তৃণয়ন ভূঞা ভাষ্কৰৰ লগতে গৌৰীপুৰৰ আৰক্ষী বিষয়া উপস্থিত থাকে সংবাদমেলখনত । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দলটোৰ সৈতে আন চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ ঘটনাতো সম্পৰ্কে পৰৱৰ্তী সময়ত আৰক্ষীয়ে কেনে ধৰণৰ সফলতা লাভ কৰে সেয়া লক্ষণীয় হ’ব ।

লগতে চাওকঃইউটিচি গঠনৰ তীব্ৰ বিৰোধীতা চিলাৰায় উন্নয়ন মঞ্চৰ

ABOUT THE AUTHOR

...view details