অসম

assam

Ajanta Neog in Dhubri; 2024 ৰ নিৰ্বাচনৰ বাবে সাজু বিজেপি : অজন্তা নেওগ

By

Published : Jan 21, 2023, 7:27 AM IST

Updated : Jan 21, 2023, 10:19 AM IST

মাজত মাত্ৰ আৰু এটাহে বছৰ ৷ 2024 ত আনুষ্ঠিত হ’ব দেশৰ লোকসভা নিৰ্বাচন (2024 Lok Sabha elections) ৷ যাক লৈ তৎপৰ হৈছে ৰাজ্যৰ ৰাজনৈতিক দলসমূহো ৷ বাদ পৰি ৰোৱা নাই শাসকীয় বিজেপি দলো ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিজেপি দল সম্পূৰ্ণৰূপে সাজু বুলিও ধুবুৰীত মন্তব্য কৰে মন্ত্ৰী অজন্তা নেওগে ।

Ajanta Neog criticized Assam Pradesh congress
লোকসভা নিৰ্বাচনলৈ দলীয় সাংগঠনিক তৎপতা আৰম্ভ কৰিছে বিজেপিয়ে

লোকসভা নিৰ্বাচনলৈ দলীয় সাংগঠনিক তৎপতা আৰম্ভ কৰিছে বিজেপিয়ে

ধুবুৰী, 21 জানুৱাৰী : ‘‘গছত কঁঠাল ওঁঠত তেল, নৌ পকোতেই চেল বেল । নিৰ্বাচন আহিবলৈ দিয়ক তাৰ পিচত দেখা যাব ।’’ কংগ্ৰেছক কটাক্ষ কৰি শুকুৰবাৰে ধুবুৰীত এই মন্তব্য কৰে ৰাজ্যৰ বিত্ত আৰু সমাজকল্যাণ বিভাগৰ মন্ত্ৰী আজন্তা নেওগে (Ajanta Neog in Dhubri) ।

দৰাচলতে, সমাগত 2024 ৰ লোকসভা নিৰ্বাচন (2024 Lok Sabha elections) ৷ মাজত মাত্ৰ এটা বছৰ বাকী থকাৰ সময়তে প্ৰদেশ কংগ্ৰেছে আগতীয়াকৈ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছে ৷ এইলৈ ৰাজ্যৰ ৰাজনীতিত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ । ইয়াৰ ওপৰিও বিভিন্ন সময়ত বিজেপি আৰু এ আই ইউ ডি এফকে ধৰি বিভিন্ন ৰাজনৈতিক দলে কংগ্ৰেছক সমালোচনা কৰি আহিছে (Ajanta Neog criticized Assam Pradesh congress) ।

ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা

তেনে সময়তে শুকুৰবাৰে ধুবুৰীৰ গৌৰীপুৰৰ গণেশ আখৰাত আয়োজিত হোৱা এখন দলীয় কাৰ্যসূচীত অংশ লৈ বিত্ত আৰু সমাজকল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগেও কংগ্ৰেছৰ আগতীয়া প্ৰাৰ্থী পেনেলক লৈ দলটোক সংবাদ মাধ্যমৰ জৰিয়তে কটাক্ষ কৰে ৷ উল্লেখ্য যে, প্ৰদেশ কংগ্ৰেছে এবছৰ পূৰ্বে প্ৰাৰ্থী পেনেল প্ৰস্তুত কৰাক লৈ চৰ্চা আৰু সমালোচনা আৰম্ভ হৈছে যদিও বিজেপি দলো বহি থকা নাই ।

লগতে পঢ়ক :AIUDF Congress Alliance: আমাৰ লগত হাত নিমিলালে কংগ্ৰেছ শূন্যত থাকিব: আজমল

আগন্তুক লোকসভা নিৰ্বাচনক লৈ ইতিমধ্যে দলীয় সাংগঠনিক তৎপতা আৰম্ভ কৰিছে বিজেপিয়ে । সংবাদ মাধ্যমৰ আগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে, লোকসভা নিৰ্বাচন উপলক্ষে ৰাজ্যজুৰি বুথ পৰ্যায়ৰ নেতা কৰ্মীসকলক লগত লৈ সাংগঠনিক সভা অনুষ্ঠিত কৰি দলৰ ভেঁটি অধিক মজবুত কৰাৰ প্ৰয়াস কৰিছে বিজেপিয়ে ।

আনপিনে গৌৰীপুৰৰ দলীয় কাৰ্যসূচীৰ পিচতে বিত্তমন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ ৰাজীৱ গান্ধী শিশু উদ্যানত উপস্থিত হয় । প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা (Pariksha Pe Charcha) শীৰ্ষক অনুষ্ঠান উপলক্ষে ধুবুৰীত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা হয় এখনি চিত্ৰাংকণ প্ৰতিযোগিতা । শিক্ষামূলক চিত্ৰাংকণ প্ৰতিযোগিতাত অংশ লোৱা প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীয়ে ৰং তুলিকাৰে অংকন কৰা অৰ্থ বহুল আলোকচিত্ৰ প্ৰত্যক্ষ কৰি মন্ত্ৰমুগ্ধ হৈ পৰে ৰাজ্যৰ বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ ।

ধুবুৰীৰ ৰাজীৱ গান্ধী শিশু উদ্যানত আয়োজিত প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে চৰ্চা শীৰ্ষক চিত্ৰাংকণ প্ৰতযোগিতাত বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ লোৱা পৰিলক্ষিত হয় ৷ ইয়াৰে তিনিগৰাকী প্ৰতিযোগী ছাত্ৰ-ছাত্ৰীয়ে বঁটা লাভ কৰিবলৈ সক্ষম হয় । বিত্তমন্ত্ৰী অজন্তা নেওগে বঁটা বিতৰণ কাৰ্যসূচীত অংশ লৈ সৰুতে নিজে এগৰাকী ডাক্তৰ হোৱাৰ সপোন দেখাৰ কথা উল্লেখ কৰি কলে, সকলোৰে সপোন বাস্তৱায়িত নহয়, যদিও এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’ব পৰাকৈ সপোন দেখিব লাগে ৷ অনুষ্ঠানটোত মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহকেইটা গুৰুত্বপূৰ্ণ তথা পৰামৰ্শ মূলক ভাষণ প্ৰদান কৰে ।

লগতে পঢ়ক :‘24 Lok Sabha Election: ২০২৪ৰ নিৰ্বাচনলৈ টঙালি বান্ধিছে বিজেপি-কংগ্ৰেছৰ মহিলা ব্ৰিগেডে

Last Updated : Jan 21, 2023, 10:19 AM IST

ABOUT THE AUTHOR

...view details