অবৈধ চুপাৰী কঢ়িওৱা ট্ৰাক জব্দ - চুপাৰী চিণ্ডিকেট
ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে অসমৰ মাজেৰে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰা কৰ ফাঁকি দিয়া চুপাৰী কঢ়িওৱা ট্ৰাকৰ চিণ্ডিকেট ৷ যোৱা নিশা আৰক্ষীয়ে আটক কৰে এখন কৰ ফাঁকি দিয়া চুপাৰী কঢ়িওৱা ট্ৰাক |
ধুবুৰী, 29 জুলাইঃ ৰাজ্যত পুনৰ সক্ৰিয় হৈ উঠিছে অসমৰ মাজেৰে বহিঃৰাজ্যলৈ কৰ ফাঁকিৰে চুপাৰী কঢ়িওৱা ট্ৰাকৰ চিণ্ডিকেট ৷ যোৱা নিশা আৰক্ষীয়ে তেনে এখন ট্ৰাক জব্দ কৰাৰ পাছতেই পোহৰলৈ আহে সমগ্ৰ ঘটনা ৷ প্ৰাপ্ত তথ্য মতে, দীৰ্ঘ দিনৰ পৰা এটা ছিণ্ডিকেট চক্ৰই ছাগলীয়া আৰু শ্ৰীৰামপুৰেদি পশ্চিমবংগলৈ প্ৰেৰণ কৰি আহিছে কৰ ফাঁকি দিয়া অবৈধ চুপাৰী কঢ়িওৱা ট্ৰাক| চুপাৰীবোৰ আহে ম্যানমাৰ, মালেছিয়া আদিৰ পৰা| যোৱা নিশা আৰক্ষীয়ে আটক কৰে AS 19C 8978 নম্বৰৰ এখন কৰ ফাঁকি দিয়া চুপাৰী কঢ়িওৱা ট্ৰাক | মিজোৰামৰ আইজলৰ পৰা পশ্চিমবংগৰ ফালাকাটালৈ গৈ থকা অৱস্থাত আটক কৰা হয় ট্ৰাক খন | আৰক্ষীয়ে ট্ৰাক খনৰ লগতে ড্ৰাইভাৰ হেণ্ডিমেনকো আটক কৰে| চুপাৰীবোৰ লেংটিচিঙাৰ মজিদুলৰ বুলি আৰক্ষীক স্বীকাৰোক্তি দিয়ে ড্ৰাইভাৰে ৷ আৰক্ষীয়ে মূল অভিযুক্ত মজিদুলক আটক কৰিবলৈ সক্ষম হয় নে নহয় তদুপৰি ইয়াৰ লগত স্থানীয় কোন কোন জড়িত উলিয়াবলৈ সক্ষম হয় নে নহয় সেয়া লক্ষণীয় হ’ব |