ধুবুৰী, ৭ নৱেম্বৰ: বিগত এসপ্তাহ ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধৰ দাবী জনাই বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কোনোৱে যদি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে, তেন্তে আন কোনো সংগঠনে সমদল উলিয়াই চৰকাৰ বিৰোধী শ্ল'গানেৰে ৰাজপথ উত্তাল কৰিছে। ইয়াৰ ব্যতিক্ৰম নহয় সদৌ অসম ছাত্ৰ সন্থা। শনিবাৰে সংগঠনটোৱে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যজুৰি বিক্ষোভ প্ৰদৰ্শন কৰে। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰাতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে দক্ষিণ শালমাৰা মানকাচৰ জিলা ছাত্ৰ সন্থাই।
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত দক্ষিণ শালমাৰাত আছুৰ বিক্ষোভ প্ৰদৰ্শন - ৰাজ্যৰ ভিন্ন প্ৰান্তৰ
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ দক্ষিণ শালমাৰাতো অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ সদৌ অসম ছাত্ৰ সন্থাৰ। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত যোগান বিভাগৰ ব্যৰ্থ হোৱাৰ অভিযোগ তুলি ক্ষোভ উজাৰিলে সংগঠনটোৱে।
ডিঙিত আলু, পিয়াঁজৰ মালা পিন্ধি মূল্য়বৃদ্ধি ৰোধত যোগান বিভাগৰ ব্যৰ্থতাক লৈ তীব্ৰ সমালোচনা কৰে। শনিবাৰে মানকাচৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত প্ৰায়বোৰ আঞ্চলিক ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। সংগঠনটোৰ জিলা সাধাৰণ সম্পাদক ছৰিফুল ইছলাম প্ৰধানীয়ে কয় যে, 'এই চৰকাৰ জনবিৰোধী চৰকাৰ, ৰাইজৰ সমস্যাৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। যাৰ বাবে যোগান বিভাগে অত্যাৱশ্যকীয় প্ৰতিটো সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি ৰাইজৰ ওপৰত মাধমাৰ শোধাইছে।' শীঘ্ৰে চৰকাৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিয়ে সাধাৰণ সম্পাদকগৰাকীয়ে।