বিলাসীপাৰা, 16 জুন :পৃথিৱীৰ প্ৰত্যেকজন মানুহৰ এটা সৃষ্টিশীল মন থাকে ৷ সেই মনটোৱে যিকোনো কাম কৰাত মানুহক আগ্ৰহী কৰি তোলে ৷ কোনোৱে যদি গছৰ পাতত শিল্পীৰ ছবি খোদিত কৰিছে কোনোৱে আকৌ এটা ক্ষুদ্ৰ চাউলত অংকিত কৰিছে এখনৰ পিছত আনখন ছবি ৷ তেনে এক প্ৰতিভাৰে অধিকাৰী বিলাসীপাৰাৰ ফনীন্দ্ৰ ৰায় ৷
পূৱ বিলাসীপাৰাৰ চাপৰৰ কাজিপাৰাৰ ফনীন্দ্ৰ ৰায়ৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বাঁহ আৰু কাঠৰ বিভিন্ন সামগ্ৰী ৷ যান্ত্ৰিক সামগ্ৰী ব্যৱহাৰ নকৰি কেৱল দা আৰু কটাৰীৰে সজাই তুলিছে এই সামগ্ৰী সমূহ ৷ কিন্তু বৰ্তমান ক’ৰণা মহামাৰীৰ ফলত হোৱা লক ডাউনে এই শিল্পীজনৰ জীৱনলৈ বাৰুকৈয়ে প্ৰভাৱ পেলাইছে ৷ প্ৰতিভা ঈশ্বৰৰ এক অমূল্য দান । কোনোবাই যদি মাটিৰে সামগ্ৰী প্ৰস্তুত কৰিছে, আনহাতে কোনোবাই লোৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰিছে । খনিকৰৰ হাতৰ পৰশত যিদৰে শিল ন-ৰূপত প্ৰাণ পাই উঠে ঠিক তেনেকৈ চাপৰ ৰাজহ চক্ৰৰ অধীনস্থ কাজিপাৰা গাঁৱৰ ফনীন্দ্ৰ ৰায়ৰ হাতৰ পৰশত বাঁহ আৰু কাঠৰ টুকুৰা নতুন ৰূপত প্ৰাণ পাই উঠে । ফনীন্দ্ৰ ৰায়ে নিজৰ সুপ্ত প্ৰতিভাৰে বাঁহ আৰু কাঠৰ সংমিশ্ৰণৰে প্ৰস্তুত কৰিছে দা, কুঠাৰ, বেকী দা, পৰশুৰামৰ কুঠাৰ, বন্দুক, খন্তিৰ লগতে বিভিন্ন সামগ্ৰী । আপুনি স্পৰ্শ নকৰাকৈ কব নোৱাৰিব এই সামগ্ৰী লোৰ নে বাঁহৰ ।