অসম

assam

ETV Bharat / state

বাজেট সম্বন্ধে বদৰুদ্দিন আজমলে কি ক'লে ধুবুৰীত ? - বদৰুদ্দিন আজমল

৫জুলাইত সদনত নৰেন্দ্ৰ মোডী চৰকাৰে উত্থাপন কৰা ২০১৯-২০ বৰ্ষৰ বাজেটক সমালোচনা কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে । বাজেটক লৈ সুখী নহয় বুলিও মন্তব্য কৰে আজমলে ৷

বাজেটক লৈ সুখী নহয় আজমল

By

Published : Jul 7, 2019, 4:58 PM IST

ধুবুৰী,৭জুলাই : ৫ জুলাইত সদনত নৰেন্দ্ৰ মোডী চৰকাৰে উত্থাপন কৰিলে ২০১৯-২০ বৰ্ষৰ বাজেট । এই বাজেট উত্থাপনৰ পাছতেই দেওবাৰে বাজেট সম্বন্ধে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এ আই ইউ ডি এফৰ মূৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে । ধুবুৰীৰ হাউৰাৰপাৰত আজমলে দহ কোটি টকীয়া এখন আঁচনিৰ শুভ উদ্বোধন কৰি নৰেন্দ্ৰ মোডী চৰকাৰৰ বাজেটক সমালোচনা কৰে । আজমলে ক’লে বাজেটত মোডী চৰকাৰে কেৱল প্ৰতিশ্ৰুতিহে প্ৰদান কৰিলে । কামবোৰ কেতিয়া কাৰ্যকৰী হ'ব তাৰ কোনো সৱিশেষ জনাব নোৱাৰিলে মোডী চৰকাৰে । ইফালে,বাজেটত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ দিশত উন্নয়নৰ বাবে কোনো নতুন পদক্ষেপ গ্ৰহণ নকৰি পূৰ্বৰ দৰেই ৪৭ হাজাৰ কোটি টকা ধার্য কৰা হৈছে বুলি মন্তব্য কৰিলে আজমলে ।

বাজেটক লৈ সুখী নহয় আজমল

আনহাতে ৰূপচী বিমানবন্দৰৰ পুন: নিৰ্মাণৰ কাম লেহেমীয়া গতিত চলি থকাৰ বিপৰীতে স্থানীয় একাংশই নিৰ্মাণ কাৰ্যত বাধাৰ সৃষ্টি কৰি আছে বুলিও আন এক চাঞ্চল্যকৰ অভিযোগৰ কথা উল্লেখ কৰে ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ।

ABOUT THE AUTHOR

...view details