অসম

assam

ETV Bharat / state

AIUDF শূণ্য হ'ল দক্ষিণ শালমাৰা - এ আই ইউ ডি এফ

এ আই ইউ ডি এফ শূণ্য হ'ল দক্ষিণ শালমাৰা ৷ আজমলৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰি এ আই ইউ ডি এফ কৰ্মীয়ে থিয় কৰালে নিৰ্দলীয় প্ৰাৰ্থী ৷ তদুপৰি সমষ্টিটোৰ সকলো এ আই ইউ ডি এফ নেতা-কৰ্মীয়ে দল ত্যাগ কৰে ৷

AIUDF শূণ্য হ'ল দক্ষিণ শালমাৰা
AIUDF WORKERS RESIGNED

By

Published : Mar 10, 2021, 9:29 AM IST

ধুবুৰী,10মাৰ্চ:এ আই ইউ ডি এফ শূণ্য হ'ল দক্ষিণ শালমাৰা ৷ আজমলৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰি এ আই ইউ ডি এফ কৰ্মীয়ে থিয় কৰালে নিৰ্দলীয় প্ৰাৰ্থী ৷ জানিব পৰা মতে কংগ্ৰেছৰ সৈতে আসন বুজাবুজিৰ ভিত্তিত এ আই ইউ ডি এফ নেতৃত্বই দক্ষিণ শালমাৰা সমষ্টি কংগ্ৰেছক এৰি দিয়াৰ পিছতেই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছিল দক্ষিণ শালমাৰাৰ এ আই ইউ ডি এফ নেতা-কৰ্মী সকলে ৷ আনকি দলৰ নেতৃত্বই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে তৃণমূল কৰ্মীসকলক ৷

যাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে ধুবুৰীত এখন সভা অনুষ্ঠিত কৰি সমষ্টিটোৰ সকলো এ আই ইউ ডি এফ নেতা-কৰ্মীয়ে দল ত্যাগ কৰে ৷ আনকি দল ত্যাগী সকলো কৰ্মীয়ে মিলি প্ৰাৰ্থীত্ব প্ৰত্যাশি তথা অধিবক্তা নুৰুল ইছলাম মোল্লাক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি মনোনয়ন পত্ৰ দাখিল কৰিব বুলিও সভাত সিদ্ধান্ত গ্ৰহণ কৰে ৷ লক্ষণীয় হ'ব, সমষ্টিটোৰ এ আই ইউ ডি এফৰ নেতা কৰ্মীৰ দল ত্যাগে আগন্তুক নিৰ্বাচনত এ আই ইউ ডি এফ প্ৰাৰ্থী ৱাজেদ আলী চৌধুৰীক কিদৰে প্ৰভাৱিত কৰে ৷

লগতে পঢ়কঃপাঁচ বছৰত কিমান সম্পত্তি গঢ়িলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে !

ABOUT THE AUTHOR

...view details