পূৱ বিলাসীপাৰা,10 মাৰ্চ: সমাগত বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ পূৱ সমষ্টিত প্ৰাৰ্থিত্বক লৈ যেন সৃষ্টি হৈছে এক যুদ্ধংদেহী পৰিৱেশৰ ৷ 27 নং বিলাসীপাৰাৰ পূৱ সমষ্টিত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে যেন চূড়ান্ত ৰূপ লৈছে । দলে বলে ইতিমধ্যে এআইইউডিএফ-ৰ বহু কৰ্মী সমূহীয়াকৈ পদত্যাগ কৰিবলৈ সাজু হৈছে ।
এক বাতৰিযোগে এআইইউডিএফ-ৰ নেতা ছামছুল হুদাক 27 নং পূৱ বিলাসীপাৰা সমষ্টিত মিত্ৰজোঁটৰ টিকট প্ৰদান কৰা হ’ব বুলি প্ৰচাৰ হোৱাৰ পাচতে ক্ষোভিত হৈ পৰে দলটোৰ নেতা-কৰ্মীসকল । বুধবাৰে চাপৰৰ ধীৰঘাটত এআইইউডিএফ-ৰ কৰ্মীসকলে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ কৰ্মীসকলে দাবী উত্থাপন কৰি কয় যে, গণভিত্তি নথকা যদি কোনো নেতাক টকাৰ বিনিময়ত টিকট প্ৰদান কৰা হয়, তেনেহ’লে 27 নং বিলাসীপাৰাৰ পূৱ সমষ্টিৰ পৰা এআইইউডিএফ-ক বিদায় দিবলৈ সাজু দলীয় কৰ্মীসকল ।