অসম

assam

By

Published : Jun 13, 2020, 3:03 AM IST

ETV Bharat / state

ধুবুৰী জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ত পাম্পচে'ট কেলেংকাৰী, গ্ৰেপ্তাৰ ঠিকাদাৰ

গৌৰীপুৰ কৃষি অভিযন্তাৰ কাৰ্যালয়ত কোটি টকীয়া পাম্পচে'ট কেলেংকাৰীৰ অভিযোগ । ঠিকাদাৰ মিজানুৰ ৰহমানক গ্ৰেপ্তাৰ। পলাতক হৈ আছে অভিযন্তা ।

ধুবুৰী জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ত পাম্পছেট কেলেংকাৰী
ধুবুৰী জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ত পাম্পছেট কেলেংকাৰী

ধুবুৰী, 13 জুনঃ :ধুবুৰীৰ গৌৰীপুৰ কৃষি অভিযন্তাৰ কাৰ্য্যলয়ত বিয়াগোম দুৰ্নীতিৰ অভিযোগ ৷ কাৰ্যালয়টোত সংঘটিত এই বিয়াগোম দুৰ্নীতিৰ অভিযোগত গৌৰীপুৰ আৰক্ষীয়ে আকস্মিক ভাবে অভিযান চলাই কোটি টকীয়া পাম্পচে'ট কেলেংকাৰীৰ অন্যতম অভিযুক্ত ঠিকাদাৰ মিজানুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে । শুকুৰবাৰে ধুবুৰী ন্যায়িক দণ্ডাধীশৰ আদালতত দুৰ্নীতিত অভিযুক্ত ঠিকাদাৰ মিজানুৰক হাজিৰ কৰোৱাৰ পাছত আদালতে ঠিকাদাৰ জনক 4 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷

ধুবুৰী জিলা কৃষি বিষয়াৰ কাৰ্য্যালয়ত পাম্পচে'ট কেলেংকাৰী

অভিযোগ অনুসৰি গৌৰীপুৰ কৃষি অভিযন্তাৰ কাৰ্য্যলয়ত ভুৱা কৃষকৰ তালিকা প্ৰস্তুতেৰে অভিযন্তা- ঠিকাদাৰে সৌৰশক্তি পাম্পৰ নামত সংঘটিত কৰিছিল বৃহৎ কেলেংকাৰী ৷ এনে ভুৱা হিতাধিকাৰীৰ নামত কেইবা কোটি টকাৰ পাম্পচে'ট ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ চৰকাৰে কৃষি বিভাগৰ অধীনত ৰুৰেল ইনফ্ৰাচষ্ট্ৰাকছাৰ ডেভেলপমেন্ট ফান্ড অৰ্থাৎ(আৰ আই ডি এফ) আঁচনিৰ অধীনত দৰিদ্ৰ কৃষকলৈ বিনামূলীয়া সৌৰশক্তি পাম্পচে'ট দিয়াৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু বিভাগটোৰ একাংশ অভিযন্তাই কৃষকৰ ভুৱা তালিকা প্ৰস্তুত কৰি বৃহৎ পৰিমাণৰ পাম্পচে'ট কলা বজাৰত বিক্ৰী কৰি লুন্ঠণৰাজ চলাই আহিছিল ৷ অভিযন্তা প্ৰশান্ত দাস আৰু অভিযন্তা ৰেকিবুদ্দিন আহমেদৰ নেতৃত্বত এই বিয়াগোম পাম্পচে'ট কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ উঠিছে ৷

বিষয়া দুগৰাকীৰ বিৰুদ্ধে গৌৰীপুৰ থানাত উক্ত কাৰ্য্যলয়ৰ তদানীন্তন কাৰ্যবাহী অভিযন্তা মৌচুমী দাসে গৌৰীপুৰ আৰক্ষী থানাত 217/2020 নম্বৰত গোচৰ ৰুজু কৰে ৷ উক্ত এজাহাৰৰ ভিত্তিত গৌৰীপুৰ আৰক্ষীয়ে অৱশেষত গ্ৰেপ্তাৰ কৰিলে ঠিকাদাৰ মিজানুৰ ৰহমানক ৷

লগতে পঢ়কঃ পুত্ৰক উভতাই বিচাৰি হুক হুকাই কান্দি উঠিল মাতৃয়ে

ABOUT THE AUTHOR

...view details