অসম

assam

ETV Bharat / state

আগমনিত ৰামৰাইকুটী সত্ৰৰ মূল তোৰণৰ আধাৰশিলা - আগমনি ৰামাৰাইকুঠী সত্ৰ

ধুবুৰী জিলাৰ অসম পশ্চিমবংগ বাংলাদেশ ত্ৰিসীন্তবৰ্তী সত্ৰশালত শ্ৰীমন্ত শংকৰদেৱে স্থাপন কৰা ৰামৰাইকুটী সত্ৰৰ মূল তোৰণৰ আধাৰশিলা মঙলবাৰে আগমনিত স্থাপন কৰা হয় ৷

আগমনিত ৰামৰাইকুটী সত্ৰৰ মুল তোৰণৰ আধাৰশিলা

By

Published : Jun 25, 2019, 11:28 PM IST

Updated : Jun 26, 2019, 12:05 AM IST

আগমনি; 25 জুনঃ ঐতিহাসিক সত্ৰখন আগমনি চাৰিআলিৰ পৰা আঠ কিল'মিটাৰ ভিতৰত | সত্ৰখনলৈ প্ৰতি দিনে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ঠ সংখ্যক তীৰ্থযাত্ৰীৰ আগমন ঘটে | কিন্তু আগমনি চাৰি আলিত উপস্থিত হৈ কোন পথেৰে সত্ৰলৈ যাব সেই লৈ সদায় বিপাঙত পৰে দৰ্শনাৰ্থীসকল | সেয়ে আগমনিত এখন তোৰণ নিৰ্মানৰ বাবে সত্ৰৰ তৰফৰ পৰা স্থানীয় বিধায়ক অশ্বিনী ৰায় সৰকাৰক অনুৰোধ জনোৱা হৈছিল | অৱশেষত বিধায়ক গৰাকীয়ে আনটাইড আঁচনিৰ জড়িয়তে তোৰণৰ বাবে বিছ লাখ টকা আৱন্টন দিয়ে | আজি আনুষ্ঠানিক ভাৱে বিধায়ক গৰাকীৰ উপস্থিতিত আধাৰ শিলা স্থাপন কৰে সত্ৰ খনৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীয়ে |

আগমনিত ৰামৰাইকুঠী সত্ৰৰ মুল তোৰণৰ আধাৰশিলা
Last Updated : Jun 26, 2019, 12:05 AM IST

ABOUT THE AUTHOR

...view details