ধুবুৰী, ১ এপ্ৰিলঃ চাপৰত কংগ্ৰেছ দলৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীক উষ্ম আদৰণি । নিৰ্বাচনী প্ৰচাৰ চলাই এজিপি আৰু আজমল সন্দৰ্ভতো সাংবাদিকৰ প্ৰশ্নত মন্তব্য আবু তাহেৰ বেপাৰীৰ । আজমলৰ জৰা-ফুকাৰ ৰাজনীতি অতীত হ'ল বুলি মন্তব্য কৰাৰ লগতেঅগপৰ প্ৰাৰ্থী জাবেদ ইচলামক নাগৰিকত্ব আইনে ডুবাব বুলি কয় আবু তাহেৰ বেপাৰীয়ে ।ইপিনে " আগত আমি মানুহ হিচাপে জীয়াই আছিলো । কিন্তু বিজেপিয়ে এতিয়া হিন্দু-মুছলমান নামাকৰণ কৰিলে " এই বুলি কয় কংগ্ৰেছ এইবাৰ এশ শতাংশই জয়ী হ'ব বুলি উল্লেখ কৰে ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।
নাগৰিকত্ব সংশোধনী বিধেয়কে ডুবাব এজিপি-বিজেপিক : আবু তাহেৰ বেপাৰী
চাপৰত ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ নিৰ্বাচনী প্ৰচাৰ । আজমল আৰু অগপৰ স্থিতিকলৈও মন্তব্য ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ ।
চাপৰত কংগ্ৰেছ দলৰ ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ নিৰ্বাচনী প্ৰচাৰ
অৱশ্যে একাংশ দলীয় নেতাই টিকেট নোপোৱাৰ বাবে ক্ষোভপ্ৰকাশ কৰিলেও আগন্তুক দিনত সকলোৱে একে লগে মিলি বিজেপিক পৰাভূত কৰিবলৈ সাজু বুলি কয় আবু তাহেৰ বেপাৰীয়ে । বহু আশা-প্ৰত্যাশাৰ অন্তত ধুবুৰী লোকসভা সমষ্টিত কংগ্ৰেছ দলৰ পৰা টিকট লাভ কৰি সোমবাৰে সমষ্টিত উপস্থিত হয় আবু তাহেৰ বেপাৰী । ধুবুৰী সমষ্টিটোৰ সীমান্তৱৰ্তী দুৱাৰ মূখ বিলাসীপাৰা মহকুমাৰ চাপৰৰ বহলপুৰত দলীয় নেতা-কৰ্মীয়ে উষ্ম আদৰণি জনায় আবু তাহেৰ বেপাৰীক।