অসম

assam

ETV Bharat / state

ধুবুৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলন্ত ট্ৰাক - ট্ৰাক

জুইত জাহ গ'ল পাঁচ লক্ষাধিক টকাৰ মৰাপাট

ধুবুৰীত মৰাপাট ভৰ্তি ট্ৰাকত জুই

By

Published : Mar 3, 2019, 10:00 PM IST

ধুবুৰী, ৩ মাৰ্চ : ধুবুৰীৰ বিলাসীপাৰা-হাকামা সংযোগী 31 নং ৰাষ্ট্ৰীয় ঘাইপথত মৰাপাট ভৰ্তি ট্ৰাকত জুই । জুইত জাহ যায় পাঁচ লক্ষাধিক টকাৰ মৰাপাট । দেওবাৰে বিলাসীপাৰাৰ হাকামা ভাৰতীয় মৰাপাট নিগম লিমিটেডৰ গুদামৰ পৰা মৰাপাট কঢ়িয়াই লৈ যোৱাৰ পথতে বিদ্যুৎপৰিবাহী তাঁৰত লাগি অগ্নি সংযোগ হোৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো । ইপিনে গুদামটোৰ ওচৰতে থকা গাঁৱৰ ৰাইজৰ জীৱন ৰক্ষাৰ বাবে জুই লগা ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এটা খালত পেলাই দিয়ে । যাৰ ফলত দুৰ্ঘটনাটোত কথমপি জীৱন ৰক্ষা কৰে চালকৰ লগতে আন্দুৰঝাৰ গাঁৱৰ ৰাইজৰ ।

ধুবুৰীত মৰাপাট ভৰ্তি ট্ৰাকত জুই
উল্লেখ্য যে, WB 23C - 2192 নম্বৰৰ বাহনখন বিলাসীপাৰা ভাৰতীয় মৰাপাট নিগম লিমিটেডৰ পৰা কলকাতালৈ ওলাই যোৱাৰ পথতে সংঘটিত হয় দুৰ্ঘটনাটো ।

ABOUT THE AUTHOR

...view details