অসম

assam

ETV Bharat / state

ধুবুৰীত জেএমবিৰে জড়িত থকাৰ সন্দেহত আটক এজন

ধুবুৰী আৰক্ষীৰ জালত বাংলাদেশৰ জেএমবি উগ্ৰপন্থী সংগঠনৰ এজন সন্দেহজনক সদস্য। ধুবুৰীত গ্ৰেপ্তাৰ হোৱা ফয়জাৰ আলী নামৰ লোকজন বাংলাদেশৰ জেএমবি উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত থকাৰ কিছু তথ্য লাভ কৰিছে ধুবুৰী আৰক্ষীয়ে ।

a-suspected-member-of-the-jmb-bangladesh
ধুবুৰীত জেএমবিৰে জড়িত থকাৰ সন্দেহত আটক এজন

By

Published : Apr 29, 2021, 6:28 PM IST

ধুবুৰী, 29 এপ্ৰিল : ধুবুৰী আৰক্ষীৰ জালত পৰিল বাংলাদেশৰ JMB উগ্ৰপন্থী সংগঠনৰ এজন সন্দেহজনক সদস্য। ধুবুৰীত গ্ৰেপ্তাৰ হোৱা ফয়জাৰ আলীৰ নামৰ লোকজন বাংলাদেশৰ JMB ৰ সৈতে জড়িত থকাৰ কিছু তথ্য লাভ কৰিছে ধুবুৰী আৰক্ষীৰ।

ধুবুৰী আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, যোৱা ২১ এপ্ৰিলৰ নিশা ধুবুৰী আৰক্ষীৰ এক অভিযানত গৌৰীপুৰৰ লালকুৰাৰ পৰা চাৰিটাকৈ হস্ত নিৰ্মিত পিষ্টল আৰু ভাৰতীয় জাল নোট সহ গ্ৰেপ্তাৰ কৰা হৈছিল মজিবৰ ৰহমান নামৰ এজন লোকক। মজিবৰৰ স্বীকাৰোক্তিৰ ভিত্তিত পুনৰ তেওঁৰ ভাতৃ ফয়জাৰ আলীক গ্ৰেপ্তাৰ কৰা হয় বুলি জানিবলৈ দিছে ধুবুৰী আৰক্ষীয়ে।

২৪ এপ্ৰিলৰ নিশা গ্ৰেপ্তাৰ কৰা হয় ফয়জাৰ আলীক । গ্ৰেপ্তাৰ কৰাৰ পাচতে ২৬ এপ্ৰিলত ধুবুৰী আদালতত হাজিৰ কৰাই দুইদিনৰ জিম্মাত লয় আৰক্ষীয়ে ।

ইফালে, ফয়জাৰ আলীক জেৰা কৰাৰ পাচতে দুই ভাতৃ বাংলাদেশৰ JMB ৰ সংগঠনৰ সৈতে জড়িত থকাৰ কিছু তথ্য লাভ কৰিছে ধুবুৰী আৰক্ষীয়ে। উল্লেখ্য যে, এই পৰ্যন্ত ফয়জাৰ আলীৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰা পৰা বিৰত আছে ধুবুৰী জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ ৷

লগতে পঢ়ক: আৰক্ষীৰ বৃহৎ কনভয়েৰে লৈ অনা হ'ল জীৱন মৰাণক

ABOUT THE AUTHOR

...view details