পশ্চিম বিলাসীপাৰা, 23 জুলাই : যমজ সন্তানৰ কথা আমি সকলোৱে জানো ৷ এগৰাকী গৰ্ভৱতীয়ে যেতিয়া একেসময়তে একাধিক সন্তান জন্ম দিয়ে,তেতিয়া সেই সন্তানক যমজ বুলি কোৱা যায় ৷ সাধাৰণতে দুটা যমজ সন্তানৰ জন্ম হোৱা দেখা যায় যদিও কেতিয়াবা ততোধিক সন্তান জন্ম দিয়ে কোনো গৰ্ভৱতীয়ে ৷ বিলাসীপাৰাৰ এলেংমাৰী গাঁৱৰ এগৰাকী মহিলাই জন্ম দিছে যমজ সন্তান ৷ এগৰাকী মাতৃৰ গৰ্ভৰ পৰা জন্ম পাইছে তিনিটা ল'ৰা সন্তান ৷ এই ঘটনাই অনাবিল সুখ আৰু আনন্দ কঢ়িয়াই আনিছে গাঁওখনত ৷
এলেংমাৰী গাঁৱৰ নিয়কান্ত নাথ নামৰ কৃষক গৰাকীৰ ঘৰত জন্ম পাইছে শিশু তিনিটা ৷ আৰ্থিকভাৱে দুৰ্বল কৃষকজনৰ পুত্ৰ হায়দৰাবাদত কৰ্মৰত আৰু লক ডাউনৰ বাবে তাতে আবদ্ধ হৈ থাকিব লগীয়া হয় তেওঁ ৷ বহু অভাৱ অনাটনৰ মাজত জীৱন অতিবাহিত কৰা পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াইছিল গাঁও খনৰ এম্বুলেন্স চালক ৰূপনাথ শৰ্মাই ৷