নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ :ডেৰবছৰ পূৰ্বে অসমৰ ধুবুৰী জিলাৰ এগৰাকী বিশেষ সম্প্ৰদায়ৰ নাবালিকাক ৰাজস্থানৰ বাড়মেৰ জিলাত হিন্দু ৰীতি অনুসৰি বিয়া পাতি দিয়া হৈছিল ৷ দুবছৰ পাচত ভুক্তভোগী নাবালিকাগৰাকীয়ে জন্ম দিয়ে এটি সন্তান ৷ আশ্চৰ্যজনকভাৱে শেহতীয়াকৈ পোহৰলৈ আহিছে এই ঘটনা ৷ দৰাচলতে, নাবালিকা গৰাকীক দিল্লীত বিক্ৰী কৰা হৈছিল ৷ সম্প্ৰতি শিশু কল্যাণ সমিতিৰ সহায়ত বাড়মেৰ আৰক্ষীয়ে নাবালিকাৰ গৰাকীৰ বক্তব্য ভিত্তিত পৰিয়ালৰ ওচৰলৈ প্ৰেৰণ কৰিছে ৷
আনহাতে, ছোৱালীজনী নাবালিকা আৰু আন ধৰ্মৰ বুলি জানিব পৰাৰ লগে লগে তেওঁৰ স্বামী গৃহত হাহাকাৰ লাগে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যুৱকজনৰ গোচৰ ৰুজু কৰি সোধ-পোচ আৰম্ভ কৰিছে ৷
বাড়মেৰৰ আৰক্ষী অধীক্ষক আনন্দ শৰ্মাই জনোৱা মতে, কেন্দ্ৰীয় শিশু সুৰক্ষা গোটৰ পৰা অসমৰ ধুবুৰী জিলাৰ এগৰাকী নাবালিকাক অপহৰণ কৰি আনি দিল্লীত বিক্ৰী কৰাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে ৷ নাবালিকাগৰাকীক বাড়মেৰ জিলাৰ বায়টু থানাৰ অন্তৰ্গত হুড্ডুৰ ঢাণী অঞ্চলত এজন যুৱকৰ সৈতে বিয়া কৰাই দিয়া হৈছিল ৷ ইয়াৰ পাচতে বায়টু থানাৰ আৰক্ষী বিষয়া ললিত কুমাৰে অনুসন্ধান চলাই যুৱকজনৰ গাঁৱত উপস্থিত হয় ৷