পূৱ বিলাসীপাৰা, ২১ অক্টোবৰ: ৰাজ্যত অবাধে চুপাৰিৰ চোৰাং বেহা অব্যহত ৰাখিছে ছিণ্ডিকেট চক্ৰই। ধুবুৰীৰ চাপৰত দিল্লী আৰু কাণপুৰলৈ চুপাৰি সৰবৰাহ কৰা ট্ৰাক আৰক্ষীয়ে জব্দ কৰে। চাপৰ থানাৰ সন্মুখত চলি থকা আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে জব্দ কৰা হয় ট্ৰাক দুখন। গুৱাহাটীৰ আমিনগাঁৱৰ পৰা UP-78CN2437 আৰুUP-75AT 5839 নম্বৰৰ ট্ৰাক দুখন ক্ৰমে ৩২০ বস্তা আৰু ২৯৯ বস্তা চুপাৰি কঢ়িয়াই কাণপুৰ আৰু দিল্লী অভিমুখে গৈ আছিল।
ধুবুৰীৰ চাপৰত চোৰাং চুপাৰি ভৰ্তি ২খন ট্ৰাক জব্দ - দিল্লী
কৰ ফাঁকি দি অসমৰ পৰা দিল্লী আৰু কাণপুৰলৈ চুপাৰিৰ চোৰাং বেহা। ধুবুৰীৰ চাপৰ আৰক্ষীৰ তালাচীত জব্দ ২ খন চোৰাং চুপাৰি ভৰ্তি ট্ৰাক।
কাণপুৰমুৱা ট্ৰাকখনত ২৮ লক্ষাধিক আৰু দিল্লী অভিমুখী ট্ৰাকখনত ২৪ লক্ষাধিক টকা মূল্যৰ চুপাৰি আছিল। ট্ৰাক দুখনেৰে বিনায়ক ট্ৰেডিং,কাণপুৰ আৰু বালাজী ট্ৰেডিং কোম্পানী আৰু নতুন দিল্লীলৈ চুপাৰি সৰবৰাহৰ চেষ্টা কৰিছিল বুলি প্ৰকাশ কৰে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই। আৰক্ষীয়ে সন্দেহবশতঃ ট্ৰাক দুখনক জব্দ কৰি তথ্য-পাতিসমূহ পৰীক্ষণৰ বাবে ধুবুৰীস্থিত বিক্ৰী কৰ বিভাগলৈ প্ৰেৰণ কৰাত বৃহৎ কৰ ফাঁকি দিয়াৰ তথ্য পোহৰলৈ আহে।
লগতে পঢ়ক:খোৱাংৰ ধেমেচীত ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা