ধুবুৰী,24 ডিচেম্বৰঃস্বাস্থ্যখণ্ডৰ আমোল পৰিৱৰ্তনৰ সময়তে ধুবুৰীত চিকিৎসা সেৱাৰ পৰা বঞ্চিত শতাধিক লোক ৷ ১০৮ নদী এম্বুলেঞ্চ সেৱা বিকল হৈ পৰাৰ ফলত ফলত বঞ্চিত ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ শতাধিক জনতা ৷ দক্ষিণ শালমাৰাৰ মানকাচৰৰ লগতে ভাৰত-বাংলা সীমান্তৱৰ্তী অঞ্চলৰ ৰাইজে ভুগিবলগা হৈছে জীয়াতু ৷ ৰাইজৰ সুবিধাৰ্থে ২০১২ চনত মুকলি কৰা হৈছিল এই নদী এম্বুলেঞ্চ সেৱা ৷ কিন্তু পৰৱৰ্তী সময়ত সংঘটিত ফেৰী দুৰ্ঘটনাৰ ফলত বন্ধ হৈ পৰে এই সেৱা ৷ সেয়ে সুবিধা লাভৰ পৰা বঞ্চিত হয় ৰাইজ ৷ সম্প্ৰতি ঘাটতে আবদ্ধ হৈ আছে ফেৰীসমূহ ৷ তিনিখন ফেৰীৰ কেউখনেই এতিয়া বিকল পৰ্যায়ত ৷ তদুপৰি উপযুক্ত পৰিচৰ্যাৰ অভাৱত দুখনকৈ এম্বুলেঞ্চ ভগ্নপ্ৰায় অৱস্থাত আছে ৷ মঙলবাৰে ফেৰীৰ মেৰামতিৰ বাবে মাজুলীৰ পৰা নদী এম্বুলেঞ্চৰ কৰ্মী এজনক ধুবুৰীলৈ অনা হৈছে ৷
আনহাতে, প্ৰয়োজনৰ সময়ত নদী এম্বুলেঞ্চৰ অভাৱত কেইবাগৰাকীও গৰ্ভৱতী মহিলাই নৱজাতকসহ মৃত্যুক আঁকোৱালি লোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ অঞ্চলটোত জৰুৰীকালীন সময়ত ৰোগীসকলক নাৱেৰে ধুবুৰী লৈ নিয়াৰ বাবে আধা ঘণ্টাৰ ঠাইত চাৰি-পাঁচঘণ্টা সময়ৰ প্ৰয়োজন হয় । ফলত একাংশ ৰোগী সংকটজনক অৱস্থাৰ সন্মুখীন হয় ৷ গতিকে এই ১০৮ নদী এম্বুলেঞ্চ সেৱা সূচাৰুৰূপে চলিলে বহু ৰাইজ উপকৃত হ’ব ৷