ধেমাজি, 17 ফেব্ৰুৱাৰী:বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত ধেমাজি জিলা যুৱ কংগ্ৰেছৰ সম্পাদিকা চয়নিকা দাসে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বাবুল সোণোৱালৰ বিৰুদ্ধে উত্থাপন কৰিছে কেতবোৰ গুৰুতৰ অভিযোগ ৷ অকল অভিযোগেই নহয়, মঙলবাৰে ধেমাজি সদৰ আৰক্ষী থানাত সোণোৱালৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে যুৱ কংগ্ৰেছৰ সম্পাদিকা গৰাকীয়ে ৷
উত্থাপিত অভিযোগ অনুসৰি, বিগত 14 ফেব্ৰুৱাৰীত শিৱসাগৰত ৰাহুল গান্ধীৰ উপস্থিতিত অনুষ্ঠিত হৈ যোৱা কংগ্ৰেছৰ জনসভাৰ ৰাজহুৱাকৈ মহিলা কংগ্ৰেছ কৰ্মীগৰাকীক উদ্দেশ্যি অশ্লীল বাক্যবাণ প্ৰয়োগ কৰিছিল বাবুল সোণোৱালৰ লগতে আৰু তেওঁৰ ব্যক্তিগত বাহনৰ চালক ভদ্ৰ সোণোৱালে ৷ তাৰে পৰিপ্ৰেক্ষিতত অপমানবোধ কৰি মহিলা নেত্ৰীগৰাকীয়ে দাখিল কৰে এজাহাৰ ৷