অসম

assam

Wild Elephant terror: বন্যহস্তীয়ে ভাঙি চুৰমাৰ কৰিলে তিনিটাকৈ বাসগৃহ

By

Published : Jan 14, 2023, 2:21 PM IST

ৰাজ্যৰ ভিন্ন প্ৰান্তত ইটোৰ পিছত সিটো বন্যহস্তীৰ আক্ৰমণৰ ঘটনাই ভয়ংকৰ ৰূপ লৈছে ৷ শেহতীয়াকৈ শুকুৰবাৰে নিশা লেকু গাৱঁত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই তিনিটা পৰিয়ালৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে (Three houses demolishes at Jonai) ৷

Wild elephant terror at Jonai
বন্যহস্তীয়ে ভাঙি চুৰমাৰ কৰিলে তিনিটাকৈ বাসগৃহ

বন্যহস্তীয়ে ভাঙি চুৰমাৰ কৰিলে তিনিটাকৈ বাসগৃহ

জোনাই, 14 জানুৱাৰী:ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হ’বলৈ ধৰি হাতী মানুহৰ সংঘাতৰ ঘটনা (Man Elephant conflict) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ইটোৰ পিছত সিটো বন্যহস্তীৰ আক্ৰমণৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ ধুবুৰীৰ জোনাইত প্ৰায়েই বন্যহস্তীৰ সন্ত্ৰাসত বিপদাপন্ন হৈছে জনজীৱন (Wild elephant terror at Jonai)৷

শুকুৰবাৰে জোনাইৰ লেকু গাৱঁত বনৰীয়া হাতীয়ে তিনিটা পৰিয়ালৰ বাসগৃহ ভাঙি চুৰমাৰ কৰে (Three houses demolishes at Jonai) ৷ জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা এটা বনৰীয়া হাতীয়ে শুকুৰবাৰে নিশা খাদ্যৰ সন্ধানত ওলাই আহি গাঁৱত উপদ্ৰৱ চলায় ৷ বিশেষকৈ হাতীটোৱে খাদ্যৰ সন্ধানত মানুহৰ ভৰাঁলত ধান বিচাৰি উপদ্ৰৱ চলাইহি (Man Elephant terror in Dhemaji) ৷

লগতে পঢ়ক:Man Elephant Conflict: হাতী মানুহৰ সংঘাত ৰোধৰ বাবে কি পৰামৰ্শ বিধায়ক পদ্ম হাজৰিকাৰ ?

ধান বিচাৰি ওলাই অহা এটা বনৰীয়া হাতীয়ে দুটাকৈ পৰিয়ালৰ ঘৰ আৰু ভৰাঁল ঘৰ ভাঙি চিঙি তচনচ কৰি পেলায় ৷ যোৱা কেবাদিনো ধৰি পবা বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতীয়ে লেকু, জেলম আদি গাঁৱত নিশা হ'লেই খাদ্যৰ সন্ধানত উলাই আহি উপদ্ৰৱ চলাই বুলি ৰাইজে জানিবলৈ দিয়ে ৷ নিজৰ ঘৰ-দুৱাৰ চকুৰ আগতে ভাঙি লণ্ড-ভণ্ড হোৱা দেখি শোকত ভাঙি পৰে লোকসকল ৷ অচিৰেই হাতীৰ উপদ্ৰৱ দূৰ কৰিবলৈ বন বিভাগৰ লগতে চৰকাৰ তথা প্ৰশাসনক আহ্বান জনায় স্থানীয় লোকসকলে ৷

উল্লেখ্য যে ভিন্ন সময়ত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা প্ৰায়ে জনাঞ্চলত প্ৰৱেশ কৰে ভোকাতুৰ বন্যহস্তীয়ে ৷ শেহতীয়াকৈ হাতী মানুহৰ সংঘাত নিয়ন্ত্ৰণৰ বাবে মন্ত্ৰী কেশৱ মহন্তই (Minister Keshab Mahanta) বন বিভাগৰ দ্বাৰা বিশেষ ব‍্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে ৷

ইফালে হাতী মানুহৰ সংঘাত ৰোধ কৰিবলৈ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই(MLA Padma Hazarika)ই কয়, ‘‘হাতী-মানুহৰ সংঘাত ৰোধৰ ক্ষেত্ৰত চৰম ভাৱে ব্যৰ্থতা প্ৰদৰ্শন কৰিছে বনবিভাগে । এই সংঘাত ৰোধৰ বাবে হ্ৰস্যম্যাদী আৰু দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে ৷ হাতীৰ বাবে আমি প্ৰয়োজনীয় খাদ্য ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷’’

লগতে পঢ়ক:Man Elephant conflict: হাতী-মানুহৰ সংঘাটক লৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details