অসম

assam

ETV Bharat / state

ধেমাজিত দেৱালত পেইণ্টিঙেৰে উদযাপন শিশু দিৱস - ধেমাজি

ধেমাজি 'মনালিছা আট একাডেমী'ত শিশু দিৱসৰ দিনটোত নিমাওমাওঁ পৰিৱেশ । দেৱালত পেইণ্টিং কৰি উদযাপন কৰিব লগা হ'ল শিশু দিৱস ।

Wall Painting At Dhemaji District
ধেমাজিত দেৱালত পেইণ্টিং কৰিয়ে উদযাপন শিশু দিৱস

By

Published : Nov 14, 2020, 4:37 PM IST

ধেমাজি , 14 নেৱেম্বৰঃ আজি 14 নৱেম্বৰ ৷ পোহৰৰ উৎসৱৰ লগতে আজি ৰাষ্ট্ৰীয় শিশু দিৱস । সমগ্ৰ দেশতেই পালন কৰা হৈছে শিশু দিৱস ৷ সমান্তৰালকৈ ধেমাজিতো পালন কৰা হৈছে শিশু দিৱস ৷ পিছে পূৰ্বৰ দৰে নাই শিশু দিৱসৰ মাদকতা । বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত নাই শিশুৰ সমাৱেশ অথবা উৎসৱমুখৰ পৰিৱেশ ।

ধেমাজিত দেৱালত পেইণ্টিং কৰিয়ে উদযাপন শিশু দিৱস

ধেমাজিৰ শিশু শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান মনালিছা 'আট একাডেমী'ত নাই পূৰ্বৰ দৰে জাক-জমকতাৰ কাৰ্যসূচী । শিশুসকলৰ হাতত নাই ৰং তুলিকা । সেয়ে কেইগৰাকীমান কিশোৰ-কিশোৰীয়ে দেৱালত ছৱি অংকন কৰিয়েই শিশু দিৱস পালন কৰিছে। কৰ'ণা মহামাৰীৰ বাবেই এতিয়া বঞ্চিত হ'বলগীয়া হৈছে শিশুসকল । কৰ'ণাৰ বাবেই অনুষ্টুপীয়াকৈয়ে উদযাপন কৰিলে শিশুবিহীন এই শিশু দিৱস ৷

লগতে পঢ়ক-আঘাতপ্ৰাপ্ত বনৰীয়া হাতীক চিকিৎসা প্ৰদানত ব্যৰ্থ বন বিভাগ

ABOUT THE AUTHOR

...view details