ধেমাজি, 29 আগষ্টঃ কোৱাৰেণ্টাইন কেন্দ্ৰত এতিয়া আৱৰ্জনাৰ দ'ম । ধেমাজি সদৰৰ পৰা মাত্ৰ 6 কি:মি: নিলগৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ট্ৰাক আস্থানত ধেমাজি জিলা প্ৰশাসনে ক’ভিড-19 ৰ বাবে ব্যৱস্থা কৰা ইনষ্টিটিউচেনেল কোৱাৰেণ্টাইন কেন্দ্ৰত ভৰ্তি হোৱা লোকসকলৰ বাবে যোগান ধৰা বিভিন্ন বিচনা চাদৰ, চকী টেবুল, পানী টিং, লেপ, পানী বটল আদিৰে আৱৰ্জনাৰ দ'ম বান্ধিছে । সম্প্ৰতি কেন্দ্ৰটোৰ বাৰাণ্ডা আৰু চৌহদ আৱৰ্জনাৰ পাহাৰ হৈ পৰিছে ।
ধেমাজি কোৱাৰেণ্টাইন কেন্দ্ৰত আৱৰ্জনাৰ পাহাৰ - ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ
৩৫ গৰাকী লোকে আৰোগ্য লাভ কৰি কোৱাৰেন্টাইন কেন্দ্ৰৰ পৰা প্ৰস্থান কৰাৰ পিছত বৰ্তমান উদং হৈ আছে কেন্দ্ৰটো । এতিয়া তেওঁলোকে ব্যৱহাৰ কৰা সামগ্ৰীবোৰে অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ।
জানিব পৰা মতে, যোৱা পাচঁ দিনৰ আগতেই ৩৫ গৰাকী লোকে আৰোগ্য লাভ কৰি কেন্দ্ৰৰ পৰা প্ৰস্থান কৰাৰ পিছত বৰ্তমান উদং হৈ আছে কেন্দ্ৰটো । এতিয়া তেওঁলোকে ব্যৱহাৰ কৰা সামগ্ৰীবোৰে অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে ।
মন কৰিবলগীয়া যে, ধেমাজি স্বাস্থ্য বিভাগে কোৱাৰেণ্টাইন কেন্দ্ৰৰ বাবে পৰ্যাপ্ত পৰিমাণৰ চাফাই কৰ্মী নিয়োগ কৰিছে যদিও ৫/৬ দিনে চাফাই কৰিবলৈ আহৰি নাই চাফাই কৰ্মীৰ । খবৰ ল'বলৈ অহা নাই ধেমাজি স্বাস্থ্য বিভাগৰ বিষয়া আৰু কৰ্মচাৰীৰে । ফলত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে আৱৰ্জনাৰ দুৰ্গন্ধ নিৰ্গত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে ।