ধেমাজি, 22 এপ্ৰিল : আজি বিশ্ব ধৰিত্ৰী দিৱস । ধেমাজি জিলা আৰু ডিব্ৰুগড়ৰ জিলাৰ সংযোগী বগীবিল দলঙৰ উত্তৰ পাৰৰ কাৰেং চাপৰিত ধৰিত্ৰী দিৱসৰ দিনাই মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠন টি এম পি কেৰ উদ্যোগত কাৰেং চাপৰিৰৰ ১৬ শ বিঘা মাটিত ১ লাখ গছ পুলি ৰোপণ কৰা হয় । ইয়াৰ বাবে সংগঠনটোৱে দুদিনীয়াকৈ বৰ্ণিল কাৰ্যসূচীৰে কাৰেং চাপৰিত ধৰিত্ৰী দিৱসৰ লগতে তেওঁলোকৰ কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন কৰে ৷ ইয়াৰ বাবে সমগ্ৰ ৰাজ্যৰ বিভিন্ন জিলাৰ ১০ হাজাৰৰো অধিক টি এম পি কেৰ কৰ্মীয়ে ১ লাখৰো অধিক বিভিন্ন প্ৰজাতিৰ গছ পুলি কঢ়িয়াই আনি ৰোপণ কৰিলে এই বালিচৰত ।
উল্লেখযোগ্য যে, টি এম পি কেৰ উদ্যোগত গছ বচাওক, নদী বচাওক, জাতি বচাওক আদিৰ শ্ল’গানেৰে ধৰিত্ৰী দিৱস পালন কৰা হয় ৷ বিশ্ব ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি এই বৃহৎ পৰিসংখ্যাৰ মাটিত আজি শুভাৰম্ভ কৰে গছ পুলি ৰোৱাৰ এক শুভ পৰম্পৰা । ইফালে এই কাৰ্যসূচীত উপস্থিত থাকি অৰণ্য মানৱ যাদৱ পায়েং আৰু বৃক্ষ মানৱ বকুল গগৈয়ে গছ পুলি ৰোৱাৰ শুভাৰম্ভ কৰি সাম্প্ৰতিক সময়ত গছ ৰোৱাৰ প্ৰয়োজনীয়তা সম্পৰ্কত গঠনমূলক বক্তব্য প্ৰদান কৰে । অনুষ্ঠানত উপস্থিত থাকি অৰণ্য মানৱ যাদৱ পায়েঙে কয় যে, পৃথিৱীৰ 800 কোটি মানুহে নিজে জীয়াই থাকিবলৈ এজোপা গছ ৰুবই লাগিব ৷ পৃথিৱীৰ ভাৰসাম্য সঠিক মতে চলি থাকিবলৈ হ’লে গোটেই বিশ্বই সাত দিন লকডাউন দিব লাগিব (Jadav Payeng celebrates Earth day) ৷
আনহাতে, নৱ প্ৰজন্মকো গছ ৰোৱাৰ প্ৰতি আহ্বান জনাই নিজৰ জন্মদিনত কেক কটাৰ সলনি নিজৰ লগতে লগৰীয়াসকলকো একোটাকৈ গছ পুলি ৰোৱাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে । জাতীয় দল সংগঠন সকলোকে গছপুলি ৰুবলৈ পৰামৰ্শ আগবঢ়াই অৰণ্য মানৱ গৰাকীয়ে ৷ বহ্মপুত্ৰৰ বুকুত থকা চৰ চাপৰি কেইটা সেউজ কৰা বাবে আহ্বান তেখেতৰ ৷