ধেমাজি, 11 এপ্ৰিল : ধেমাজি জিলাৰ অন্যতম এটি মিচিং ছাত্ৰ সংগঠন টাকাম মিচিং প’ৰিন কেবাং চমুকৈ TMPK ৰ উদ্যোগত জিলাখনত বৃক্ষৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠনটোৰ নেতৃত্বত MMK আৰু TMMK কেন্দ্ৰীয় সমিতিৰ সহযোগত হাতত লোৱা হৈছে এই কাৰ্যসূচীৰ ৷
ব্ৰহ্মপুত্ৰৰ নদীৰ বগীবিল দলঙৰ উত্তৰ পাৰৰ কাৰেং চাপৰিৰ ইক্ ৰিজ’ৰ্টৰ ১৬ শ বিঘা ভূমিত ছাত্ৰ সংগঠনটোৱে গ্ৰহণ কৰিছে এই গছপুলি ৰোপণৰ কাৰ্যসূচীৰ ৷ অৰ্জুন, এজাৰ, কৰৈ, পলাশ, শিমলুকে ধৰি বিভিন্ন ধৰণৰ মূল্যৱান গছপুলি ৰোপণ কৰাক লৈ ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰিছে TMPK য়ে (Takam Mising Porin Kebang in Dhemaji) ৷
আগন্তুক ২১ এপ্ৰিলত TMPK ৰ শ্বহীদ দিৱস আৰু ২২ এপ্ৰিলত বিশ্ব ধৰিএী দিৱসৰ সৈতে সংগতি ৰাখি দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে TMPK য়ে ব্ৰহ্মপুত্ৰৰ বিশাল চাপৰিত ৰোপণ কৰিব 1 লাখ গছপুলি ৷ কাৰেং চাপৰি গাঁৱৰ ৰাইজে দান কৰা ১৬ শ বিঘা ভূমিত এই গছপুলি ৰোপণ কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৷ মুখ্যতঃ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ লগতে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ উদ্দেশ্য এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে (Tree plantation programme by TMPK) ৷