ধেমাজি, ৯ জানুৱাৰী: বিশুদ্ধ খোৱা পানী, পেলনীয়া গোটা আৰু জুলীয়া আৱৰ্জনা নিষ্কাশনৰ বাবে যাতে যথাযথভাৱে আচৰণ আৰু সহযোগিতা প্ৰদান কৰে তাৰ বাবে ল'বলগীয়া পৰিকল্পিত কৰ্ম আঁচনি সন্দৰ্ভত ধেমাজি জিলা পানী আৰু অনাময় সমিতিয়ে 'সুজল আৰু স্বচ্ছ গাওঁ' শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত কৰে । জিলাখনৰ তৃণমূল পৰ্যায়ত কাম কৰা স্বচ্ছগ্ৰাহীসকলক খোৱা পানী আৰু অনাময় সম্পৰ্কীয় বিভিন্ন বিষয় সাঙুৰি কৰ্মশালাখনত তিনিদিনীয়া প্ৰশিক্ষণ দিয়ে ।
ধেমাজিত 'সুজল আৰু স্বচ্ছ গাওঁ' শীৰ্ষক কৰ্মশালাৰ সামৰণি - তৃণমূল পৰ্যায়ত কামকৰা স্বচ্ছগ্ৰাহী সকলক খোৱা পানী আৰু অনাময় সম্পৰ্কীয় বিভিন্ন বিষয় সাঙুৰি তিনিদিনীয়া প্ৰশিক্ষণ
ধেমাজিত প্ৰত্যেক ঘৰ লোকে যাতে বিশুদ্ধ খোৱা পানী, পেলনীয়া গোটা আৰু জুলীয়া আৱৰ্জনা নিষ্কাশনৰ বাবে যাতে যথাযথভাৱে আচৰণ আৰু সহযোগিতা প্ৰদান কৰে তাৰ বাবে ল'বলগীয়া পৰিকল্পিত কৰ্ম আঁচনি সন্দৰ্ভত ধেমাজি জিলা পানী আৰু অনাময় সমিতিয়ে 'সুজল আৰু স্বচ্ছ গাওঁ' শীৰ্ষক এখনি কৰ্মশালা অনুষ্ঠিত কৰে ।
ধেমাজিত 'সুজল আৰু স্বচ্ছ গাওঁ' শীৰ্ষক কৰ্মশালা সামৰণি
এই তিনিদিনীয়া প্ৰশিক্ষণৰ শুক্ৰবাৰে সামৰণি পৰে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ সক্ৰিয় ৫০ গৰাকী স্বচ্ছগ্ৰাহীক উক্ত কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰে বিশেষভাৱে প্ৰশিক্ষিত জিলা বেদজ্যোতি শইকীয়া, অনুপম দত্ত আৰু সুমন দাসে ।
লগতে পঢ়ক: অগপ নেতৃত্বই আদৰ্শহীন ৰাজনীতি কৰিছে : দ্বীপেন তাঁতী
TAGGED:
as10021