চিমেন চাপৰিত দুষ্প্ৰাপ্য কাছ উদ্ধাৰঃ গ্ৰেপ্তাৰ 2 - দুষ্প্ৰাপ্য কাছ
মটৰ চাইকেলেৰে অহা দুই আৰোহী ক্ৰমে আনন্দ ৰাজবংশী আৰু ধনীৰাম পেগুৰ পৰা উদ্ধাৰ দুষ্প্ৰাপ্য কাছ ৷
জোনাই, 11 জুনঃ মঙলবাৰে দিনৰ প্ৰায় 1.30 বজাত চিমেন চাপৰি আৰক্ষীয়ে তালাচী চলাই দুটি দুষ্প্ৰাপ্য কাছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, জোনাই মহকুমা আৰক্ষী বিষয়া ৰিতুৰাজ দলে আৰু চিমেন আৰক্ষী থানাৰ প্ৰভাৰী নিৰেন হাজৰিকাৰ নেতৃত্বত যোৱা আৰক্ষী দলে চিমেন চাপৰিস্থিত ৰাষ্ট্ৰীয় ঘাই পথৰ চিমেন দলঙৰ সমীপতে এখন মটৰ চাইকেলত অহা দুজন আৰোহীৰ ওপৰত সন্দেহ হোৱাত মটৰ চাইকেলখন ৰখাই তালাচী চলায় ৷ তালাচীত দুটাকৈ দুষ্প্ৰাপ্য কাছ দেখা পোৱা লগে লগে কাছ দুটা জব্দ কৰি মটৰচাইকেল আৰোহী ক্ৰমে আনন্দ ৰাজবংশী, ধনীৰাম পেগুক গ্ৰেপ্তাৰ কৰে ৷ কাছ দুটাৰ ওজন প্ৰায় এটাৰ 35 কিলোগ্ৰাম আনটো প্ৰায় 5 কিলোগ্ৰাম ৷ দুষ্প্ৰাপ্য কাছকেইটা জোনাই তিনিমাইল ঘাটৰ সমীপত চিয়াং নদীত ঢেঁকী জালেৰে ধৰা বুলি গ্ৰেপ্তৰ কৰা মটৰ চাইকেল আৰোহীকেইজনে জানিবলৈ দিছে ৷ ইপিনে গ্ৰেপ্তাৰ কৰা আনন্দ ৰাজবংশীৰ পিতা লক্ষণ ৰাজবংশীৰ ঘৰ চিলাপথাৰ থানাৰ চেঙাজান মাজৰবাৰীত আৰু ধনীৰাম পেগুৰ পিতা কাচুম পেগুৰ ঘৰ জোনাই থানাৰ ঐৰামগাটত ৷ আনহাতে আৰক্ষীৰে কাছ দুটা জোনাই মহকুমা বন বিভাগক চমজাই দিয়ে আৰু বন বিভাগে কাছ দুটা জোনাই পশু চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰায় চিয়াং নদীত এৰি দিয়াৰ ব্যৱস্থা কৰে ৷