ধেমাজিৰ জামুগুৰিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ - জামুগুৰি
হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তিৰ কৰ্মীসকল
হাতে হাতে জোঁৰ লৈ প্ৰতিবাদ ধেমাজিত
ধেমাজি, ৫ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিবাদৰ টৌ ৷ মঙলবাৰে সন্ধিয়া ধেমাজিৰ জামুগুৰি পাঁচআলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত কেইবাখনো গাঁৱৰ ৰাইজে বিধেয়কখনৰ বিৰোধিতাৰে কৰি বাহিৰ কৰে এক প্ৰতিবাদী জোঁৰ সমদল । যিকোনো মূল্যৰ বিনিময়তে নাগৰিকত্ব সংশোধনী বিধেয়কখন মানি নোলোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ লগতে যিকোনো মূল্যৰ বিনিময়তে নাগৰিকত্ব সংশোধনী বিধেয়কখন মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷